অসম

পহিলা বহাগৰ দিনাই আনন্দ বজাৰ সাহিত্য সভাই ঘৰে ঘৰে গৈ জ্যেষ্ঠ ব্যক্তিক জনালে সম্বৰ্দ্ধনা

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ শালবাৰীৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন সাহিত্য সভাৰ৷ অসম সাহিত্য সভাৰ হৈ আনন্দ বজাৰ সাহিত্য সভাৰ এই কাৰ্যসূচী৷ সোমবাৰে আনন্দ বজাৰ সাহিত্য সভাৰ কেবাগৰাকী বিষয়ববীয়া তথা সদস্যই বৃহত্তৰ আনন্দ বজাৰ অঞ্চলৰ তিনিগৰাকী জ্যেষ্ঠ ব্যক্তি ক্ৰমে ৰৌমাৰী গাঁওৰ প্ৰফুল্ল দাস, ২ নং ডুমৰুগুৰিৰ গৰ্গৰাম নাথ আৰু ভকুৱামাৰীৰ আয়নাল হকৰ নিজা বাসভৱনলৈ গৈ ফুলাম গামোচা আৰু সম্বৰ্দ্ধনা পত্ৰৰে ব'হাগ বিহুৰ ওলগ জনায়৷

স্মৰ্তব্য যে,অসম তথা নিজ নিজ অঞ্চলত শিক্ষা,সাহিত্য,সংস্কৃতি,সমাজসেৱা আদি বিভিন্ন দিশত অৱদান যোগোৱা ৬০ উৰ্দ্ধৰ বিশিষ্ট ব্যক্তিক আজি কিছু বছৰ ধৰি অসম সাহিত্য সভাৰ প্ৰচেষ্টাত পহিলা ব'হাগৰ দিনটোক নিজৰ দিন হিচাপে লৈ ঘৰে ঘৰে গৈ সম্বৰ্দ্ধনা জনোৱা অনুষ্ঠান পালন কৰি আহিছে।