অসম

ৰে’লৰ খুন্দাত বৃদ্ধৰ মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ, বগীনদীঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অধীনৰ ১৪মাইলত ৰে'লৰ খুন্দাত মৃত্যু হয় এগৰাকী বৃদ্ধৰ। মৃত্যু হোৱা লোকজন ১৪ মাইল ৰে'লৱে কলনিৰ নিবাসী বুধু ওৰাং (৮০)। জানিব পৰা মতে, কানেৰে নুশুনা লোকজনে গৰু চৰাবলৈ গৈ ৰে'ল আলিত বহি থাকোতে অহা ধেমাজি অভিমূখী এখন মালবাহী ৰে'লে খুন্দিয়াই দিয়াত বৃদ্ধজনৰ থিতাতে মৃত্যু হয়।