অসম

দুৰ্ঘটনা নহয়, এইবাৰ বাহন ৰখাই বগীবিল দলঙৰ ওপৰত বিহু নৃত্য! চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত এতিয়া বনভোজৰ বতৰ। চাৰিওফালে মানুহৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি লগে ভালে এসাজ খোৱাৰ জুতি লৈছে। বনভোজৰ সেই ব্যস্ত আনন্দপূৰ্ণ সময়ৰ বাবে মানুহে নদীৰ পাৰত বা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কিছু স্থান নিৰ্বাচন কৰি লয়। বনভোজৰ বতৰত শেহতীয়াকৈ ভিৰ বাঢ়িছে যোৱা ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰা বগীবিল দলঙৰ সমীপত।

বনভোজ খাবলৈ যোৱা লোকে নতুনকৈ সজা-পৰাই তোলা এই দলংখন চাবলৈ ভিৰ কৰা দেখা গৈছে। শেহতীয়াকৈ এই দলংখনত কেবাটাও দুৰ্ঘটনাও সংঘটিত হৈছে। এখন তীব্ৰবেগী বাহনে ৭ বছৰীয়া এটি কিশোৰক মহতিয়াই নিয়া ভিডিঅ' কিছুদিনৰ পূৰ্বে ছ'চিয়েল মিডিয়াত খুবেই ভাইৰেল হোৱাৰ লগতে বাতৰিৰ শিৰোনামো দখল কৰিছিল। ইয়াৰ পাছতেই প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছিল যে, ৩ মিনিটতকৈ বেছি সময় দলংখনৰ ওপৰত থাকিব নোৱাৰিব কোনো লোক।

প্ৰশাসনৰ এই নিৰ্দেশনাৰ পাছতো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ'। এয়া কোনো দুৰ্ঘটনাৰ ভিডিঅ' নহয়। বনভোজ খাই ওভতা এটা দলে দলঙৰ ওপৰতে গাড়ী ৰখাই বিহু গীতত নচা এটা ভিডিঅ'। যিসময়ত বগীবিল দলঙত দুৰ্ঘটনাৰ প্ৰকোপ বৃদ্ধি হোৱাৰ বাবে প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে, সেই  সময়তে এই ভিডিঅ'টোৱে ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে। কিছু কিছুৱে মন্তব্য কৰিছে যে- 'এই ভিডিঅ'টোক লৈ কোনো ধৰণৰ বিতৰ্ক হ'ব নালাগে। কিয়নো নৱবৰ্ষৰ আনন্দ-উল্লাসৰ মাজত এনে ফূৰ্তি স্বাভাৱিক।' চাওঁক ভিডিঅ'-