এখন বিদ্যালয়ে কান্দিছে...
এখন বিদ্যালয়ে কান্দিছে... 
বড়োলেণ্ড

এখন বিদ্যালয়ে কান্দিছে...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ এখন বিদ্যালয়ে কান্দিছে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে কেৱল কান্দিছে আৰু কান্দিছে। ছাত্ৰ-ছাত্ৰীৰ সমান্তৰালকৈ কান্দিছে অভিভাৱক, শিক্ষকসকলেও। কান্দোনৰ কোবত কোনেও একো ক'ব পৰা নাই।

কোকৰাঝাৰৰ ১০৫৯ নং ভূটিয়াপাৰা প্ৰাথমিক বিদ্যালয়ত আজি দেখা গ'ল এনে এক দৃশ্য। বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ চকুত কেৱল চকুপানী। কান্দি কান্দিয়েই এগৰাকী শিক্ষয়ত্ৰীৰ ভৰিত পৰিছে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকল।

কান্দোনত ভাঙি পৰা কণ কণ শিশুহঁতৰ মুখত শুনা গ'ল এটাই শব্দ- 'বাইদেউ আপুনি নাযাব না।' শিক্ষক, শিক্ষাৰ্থীৰ পবিত্ৰ সম্পৰ্কই এনেদৰেই এক অনাহুত পৰিস্থিতিৰ সূচনা কৰিলে বিদ্যালয়খনত।

আজি বিদ্যালয়খনৰ পৰা বিদায় ল'লে টেট উত্তীৰ্ণ হৈ সহ-শিক্ষয়ত্ৰী হিচাপে যোগদান কৰা উপমা ৰাভাই। সেয়ে বিদায় বেলাৰ কৰুণ ক্ষণত দেখা গ'ল এই দৃশ্য। বিদ্যালয়খনত যোগদান কৰাৰ পিছতে সকলোৰে মাজত প্ৰিয় হৈ পৰিছিল উপমা ৰাভা।

সকলোৰে প্ৰিয়, আপোন এই শিক্ষয়ত্ৰীগৰাকীয়ে এতিয়া এই বিদ্যালয়খন এৰি যাবলৈ ওলাইছে। তেওঁ যোগদান কৰিব আন এখন বিদ্যালয়ত। সেয়ে বিদায় বেলাত কৰুণ বিননী উঠিছে বিদ্যালয়খনত।

প্ৰিয় শিক্ষয়ত্ৰীগৰাকীক বিদ্যালয়খন এৰি নাযাবলৈ কান্দি কান্দি আহ্বান জনাইছে কণ কণ শিক্ষাৰ্থীসকলে। একেই আহ্বান অভিভাৱকসকলৰো। শিক্ষয়ত্ৰী উপমা ৰাভাৰো একেই অৱস্থা। অনিচ্ছাস্বত্বেও এৰি যাবলগীয়া হৈছে শিক্ষাৰ্থীসকলক।

সেয়ে শিক্ষাৰ্থীৰ সমানে সমানে কান্দোনত ভাঙি পৰে উপমা ৰাভা। যি সময়ত শিক্ষক, শিক্ষাৰ্থীৰ পবিত্ৰ সম্পৰ্কত ঘূণে ধৰিছে, নতুন নতুন বিতৰ্কৰ সূচনা হৈছে, তেনে সময়ত শিক্ষক শিক্ষাৰ্থীৰ এই পবিত্ৰ সম্পৰ্কই সমাজলৈ এক নতুন বাৰ্তা প্ৰেৰণ কৰিলে।