বড়োলেণ্ড

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক বৰ্খাস্ত কৰাৰ দাবীত এবছুৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, ওৰাংঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক বৰ্খাস্ত কৰাৰ দাবীত এবছুৰ প্ৰতিবাদী কাৰ্যসূচী। ওদালগুৰিৰ ওৰাং কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ চৌহদত নিখিল বড়ো ছাত্ৰ সন্থা(এবছু)ৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত এঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

ছাত্ৰ সংগঠনটোৰ শতাধিক কৰ্মী, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল হৈ পৰে মহাবিদ্যালয়ৰ চৌহদ । হাতে-হাতে প্লেকাৰ্ড লৈ "বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণ কৰক", "লাড্ডু সিং গ'বেক", "দুৰ্নীতিগ্ৰস্থ উপাচাৰ্য লাড্ডু সিঙক গ্ৰেপ্তাৰ কৰক", "আমাক ন্যায় লাগিবৈ" আদি শ্লগানেৰে পৰিবেশ উত্তপ্ত কৰি তোলে । এবছুৰ প্ৰতিনিধিয়ে লাইশ্ৰাম লাড্ডু সিঙৰ ওপৰত অভিযোগ উত্থাপন কৰি কয় যে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিং এজন অপৰাধী । তেখেতৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈ আছে । এজন অপৰাধী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈ থকাৰ যুক্তি নাই।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙৰ নেতৃত্বত মহাবিদ্যালয়ৰ চেমিষ্টাৰৰ ৰিজাল্ট সময়মতে দিব নোৱাৰাৰ অভিযোগ আছে। আনকি মহাবিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলো দিবলৈ সক্ষম হোৱা নাই বিশ্ববিদ্যালয়খনে। ফলত ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ।

উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক গ্ৰেপ্তাৰ কৰাৰ লগতে বৰ্খাস্ত কৰাৰ দাবীত সমগ্ৰ বিটিচি অঞ্চলতে নিখিল বড়ো ছাত্ৰ সন্থাই ধাৰাবাহিক ভাৱে আন্দোলন চলাই আছে যদিও আজিলৈ ফল নোপোৱাত দুখ প্ৰকাশ কৰে এবছুয়ে । উপাচাৰ্য গৰাকীৰ ওপৰত এক অদৃশ্য শক্তিৰ আশীৰ্বাদ থকাৰ সন্দেহ ছাত্ৰ সংগঠনটোৰ। শীঘ্ৰেই দুৰ্নীতিগ্ৰস্থ উপাচাৰ্যক বৰ্খাস্ত নকৰিলে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ এবছুৰ ।