'বিটিচিত প্ৰমোদ বড়োৰ অবড়ো বিৰোধী সিদ্ধান্তক সমৰ্থন নৱ শৰণীয়াৰ'- জোন দাস
'বিটিচিত প্ৰমোদ বড়োৰ অবড়ো বিৰোধী সিদ্ধান্তক সমৰ্থন নৱ শৰণীয়াৰ'- জোন দাস 
বড়োলেণ্ড

'বিটিচিত প্ৰমোদ বড়োৰ অবড়ো বিৰোধী সিদ্ধান্তক সমৰ্থন নৱ শৰণীয়াৰ'- জোন দাস

Asomiya Pratidin

ডিজিটেল সংবাদ বাক্সাঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত তীব্ৰ গতিত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনী বতাহ। বিশেষকৈ আকৰ্ষণীয় হৈ উঠিছে বড়োভূমিৰ নিৰ্বাচনী পৰিৱেশ। আৰম্ভ হৈছে বাকযুদ্ধ।

অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন বৰাই সমালোচনাৰ লক্ষ্য কৰি লৈছে বি টি চিৰ ৰাজনৈতিক দল, নেতা সকলোকে। বি পি এফ, হাগ্ৰামা মহিলাৰী, সাংসদ নৱ কুমাৰ শৰণীয়া আৰু প্ৰমোদ বড়ো, ইউ পি পি এল সকলোকে একাকাৰ কৰি সমালোচনা কৰিছে জোন দাসে।

বিটিচিত অনাবড়োৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বি পি এফ চৰকাৰে ১৭ বছৰ ধৰি চলোৱা কুশাসন, অবড়ো লোকসকলক লৈ ৰাজনীতি কৰি সাংসদ হোৱা নৱ কুমাপ শৰণীয়াৰ প্ৰতাৰণা আৰু প্ৰমোদ বড়োৱে অনাবড়োৰ ওপৰত চলোৱা আতিশয্যক সমালোচনা কৰিছে জোন দাসে।

বিটিচিত প্ৰমোদ বড়োৰ শাসনত চলিছে অনাবড়োৰ ওপৰত চলিছে উচ্ছেদ অভিযান। এলাগী কৰা হৈছে অসমীয়া ভাষা, বন্ধ কৰা হৈছে অনাবড়োৰ মাটিৰ নামজাৰি। প্ৰমোদ বড়োৰ এনে কাৰ্যত সন্তুষ্ট নহয় অবড়ো নেতাজন।

তেওঁ বিটিচিৰ ২২ লাখ অনাবড়ো লোকক ১৭ বছৰে লাঞ্ছিত, বঞ্চিত কৰি অহাৰ অভিযোগ কৰি কয়, হাগ্ৰামা মহিলাৰীৰ কুশাসন, ভ্ৰষ্টাচাৰ, গুণ্ডাগিৰী প্ৰতিহত কৰাৰ স্বাৰ্থতে কোকৰাঝাৰত অনাবড়ো ৰাইজে সাংসদ হিচাপে নিৰ্বাচিত কৰিছিল নৱ শৰণীয়াক। কিন্তু অনাবড়ো ৰাইজৰ জাতি-মাটিৰ সংগ্ৰামখন ধূলিসাৎ কৰি ইউ পি পি এলৰ ওচৰত অনাবড়োৰ সমৰ্থন বন্ধকত থৈ দালালগিৰী কৰিছে নৱ শৰণীয়াই। তেওঁৰ এই কাৰ্যক অবড়ো সুৰক্ষা সমিতিয়ে নিন্দা কৰিছে। তেওঁ পুনৰ কয়, সাংসদ নৱ শৰণীয়া আজিৰ প্ৰেক্ষাপটত বি টি চিৰ ২২ লক্ষ্য অনাবড়োৰ কাৰণে দক্ষ ব্যক্তি নহয়। অনাবড়ো ৰাইজৰ বাবে বিকল্প প্ৰাৰ্থীৰ অভাৱ নাই।

বৰ্তমানৰ ইউ পি পি এলৰ নেতৃত্বাধীন চৰকাৰ আৰু বি টি চিৰ মুৰব্বী প্ৰমোদ বড়োক সমালোচনা কৰি তেওঁ কয়, বি টি চিত অনাবড়ো ৰাইজৰ মাটিৰ নামজাৰি বন্ধ কৰিছে প্ৰমোদ বড়োৱে। বি টি চিত নাম ফলকত অসমীয়া ভাষাক এলাগী কৰিছে প্ৰমোদ বড়োৱে। বি টি চিৰ ১ লাখ ১৭ হাজাৰ অনাবড়ো মানুহক প্ৰমোদ বড়োৱে উচ্ছেদ আৰম্ভ কৰিছে।

প্ৰমোদ বড়োৰ এনে অনাবড়ো বিৰোধী সিদ্ধান্তৰ পাছতো নৱ শৰণীয়াই প্ৰমোদ বড়োক সমৰ্থন কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অনাবড়ো ৰাইজৰ সংগ্ৰামক ধূলিসাৎ কৰি বেপাৰ আৰম্ভ কৰাৰ অভিযোৰ জোন দাসৰ। সেয়ে এইবাৰৰ লোকসভা নিৰ্বাচনত অনাবড়ো ৰাইজে পুনৰ নৱ শৰণীয়াক সমৰ্থন নকৰে বুলি মন্তব্য কৰিছে।