তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত...
তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত... 
বড়োলেণ্ড

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত...

Asomiya Pratidin

ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। ফলত তামুলপুৰৰ ঝাজিকোনা (ঢেঁকিপোটা)ত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছে এজন যুৱকৰ।

উল্লেখ্য যে, যোৱা সময়চোৱাত তামুলপুৰৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ উপদ্ৰৱত নিদ্ৰাহৰণ হৈছে অঞ্চলটোৰ ৰাইজৰ। তামুলপুৰৰ ঝাজিকোনা, ঢেঁকিপোটা, কচুকাটা, পূৱ কচুকাটা, দক্ষিণ দেফেলী আদি বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে খেতিপথাৰ বিনষ্ট কৰাৰ লগতে বাৰিৰ তামোল-নাৰিকল, মানুহৰ ঘৰ-দুৱাৰ আদি ভাঙি বিস্তৰ ক্ষতিসাধন কৰি আহিছে।

আজি পুৱাৰ ভাগত ঢেঁকিপোটা ঝাজিকোনাত বনৰীয়া হাতীৰ আক্ৰমণত গৌতম মেধী (৪০) নামৰ এগৰাকী যুৱক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। গুৰুতৰভাবে আঘাতপ্ৰাপ্ত যুৱক জনক স্থানীয় ৰাইজৰ সহযোগত উন্নত চিকিৎসাৰ বাবে তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে লোকজনৰ মৃত্যু হৈছে।