SSB লালপুলৰ উদ্যোগত দিল্লীলৈ শৈক্ষিক পৰিভ্ৰমণ...
SSB লালপুলৰ উদ্যোগত দিল্লীলৈ শৈক্ষিক পৰিভ্ৰমণ... 
বড়োলেণ্ড

SSB লালপুলৰ উদ্যোগত দিল্লীলৈ শৈক্ষিক পৰিভ্ৰমণ...

Asomiya Pratidin

ডিজিটেল সংবাদ ওৰাং: এছ এছ বি ২৩ নং বেটেলিয়ন লালপুৰৰ উদ্যোগত সীমান্তবৰ্তী অঞ্চলৰ ২০ জন যুৱকক নাগৰিক কল্যাণ কাৰ্যসূচী ২০২৩-২৪ৰ অধীনত শৈক্ষিক পৰিভ্ৰমণলৈ লৈ যোৱাৰ এক কাৰ্যসূচী আয়োজন কৰা হয়। এই উপলক্ষে ২৩ নং বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সভাখনত ছেকেণ্ড-ইন-কমাণ্ড-অফিচাৰ প্ৰবীণ কুমাৰে অংশগ্ৰহণ কৰে আৰু শিক্ষামূলক ভ্ৰমণৰ অংশ হিচাপে দিল্লী আৰু আগ্ৰা ভ্ৰমণ কৰিবলৈ যোৱা সীমান্ত অঞ্চলৰ ২০ জন যুৱকক সম্বোধন কৰি শুভেচ্ছা জ্ঞাপন কৰে।

তেওঁ এই অনুষ্ঠানৰ উদ্দেশ্যে ব্যাখ্যা কৰি কয় যে, ভ্ৰমণৰ জৰিয়তে আমি বিভিন্ন ঠাইৰ মানুহৰ সংস্কৃতি, কথা বতৰা, আচাৰ ব্যৱহাৰ,‌ খাদ্যাভাষ তথা বসবাস আদিৰ বৈচিত্ৰ্যৰ বিষয়ে ভালদৰে জানিব পাৰোঁ আৰু তাৰ পৰা ভাল শিক্ষা লাভ কৰি নিজৰ জীৱন তথা সমাজত‌‌ প্ৰয়োগ কৰিব পাৰো। ইয়াৰ পাছতেই তেওঁ যুৱক সকলক কঢ়িয়াই নিব লগা বাছখনৰ ফ্লেগ অফ কৰে।

এই ভ্ৰমণৰ সময়ত নিৰ্বাচিত যুৱকসকলক ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধ, কৰ্তব্য পথ, মন্ত্ৰী সংগ্ৰহালয়, আশ্ৰধম মন্দিৰ, ৰাষ্ট্ৰীয় সংগ্ৰহালয়, ইণ্ডিয়া গেট, সংসদ ভৱন, ৰেডফ’ৰ্ট, দিল্লীৰ কুতুব মিনাৰ এণ্ড ৰাজঘাট আৰু আগ্ৰাৰ তাজমহল ভ্ৰমণলৈ লৈ যোৱা হ’ব। সীমান্ত বৰ্তি অঞ্চলৰ অতি দুখীয়া যুৱকসকলৰ কাৰণে আনি দিয়া এই সুযোগত যুৱক তথা অভিভাৱকসকলে SSB ক ধন্যবাদ জ্ঞাপন কৰে আৰু আগলৈও‌ এনেকুৱা সুবিধা বোৰ পাই থাকিব বুলি আশা প্ৰকাশ কৰে।