চিৰাঙত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান...
চিৰাঙত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান... 
বড়োলেণ্ড

চিৰাঙত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান...

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাং: চিৰাঙৰ কাজলগাঁৱত পাৱাৰলুমৰ গামোছা বিচাৰি জিলা প্ৰশাসন আৰু হস্তাতাঁত-বস্ত্ৰশিল্প বিভাগৰ যৌথ অভিযান চলোৱা হয়। অভিযান কালত কাজলগাঁৱৰ বিভিন্ন কাপোৰৰ দোকানৰ পৰা মুঠ ২৩০ খন পাৱাৰলুমৰ গামোচা জব্দ কৰা হয় ।

জিলা প্ৰশাসনৰ পৰা পাৱাৰলুমৰ গামোচা বিক্ৰেতাসকলক আগলৈ এনেধৰণৰ গামোচা যাতে বজাৰত বিক্ৰী নকৰে তাৰ বাবে আহ্বান জনায়। অন্যথা আগলৈ আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংশ্লিষ্ট ব্যৱসায়ীসকলক সকিয়নী প্ৰদান কৰা হয় ।

উল্লেখ্য যে, অসমীয়া গামোচাই জিআই টেগ লাভৰ পিচতে অসমৰ বজাৰত পাৱাৰলুম তথা বহিঃৰাজ্যৰ উৎপাদিত গামোচাৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিচতেই বহিঃৰাজ্যত পাৱাৰলুম মেচিনত উৎপাদিত গামোচাৰ বিৰুদ্ধে জিলাই জিলাই প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে।

ৰঙালী বিহু সমাগত আৰু এই ৰঙালী বিহুত সকলোৱে যাতে থলুৱা শিপিনীয়ে বোৱা গামোচা সমূহকেই বিহুৱান হিচাপে ব্যৱহাৰ কৰে তাৰবাবেই এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই পদক্ষেপৰ ফলত অসমৰ থলুৱা শিপিনিসকল যাতে উপকৃত হ'ব ।

প্ৰশাসনৰ পৰা চিৰাং জিলাৰ আন আন বজাৰ সমূহতো এনে ধৰণৰ অভিযান চলোৱা হ'ব বুলি সহকাৰী আয়ুক্ত ৰাখিশ্ৰী লেখাৰুয়ে জানিবলৈ দিয়ে ।