ROAD ACCIDENT
ROAD ACCIDENT  
বড়োলেণ্ড

চিৰাঙত ডাম্পাৰৰ খুন্দাত নিহত এক

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : ৰাজ্যত অব্যাহত আছে মৃত্যুদূত ৰূপী ডাম্পাৰৰ সন্ত্ৰাস!এইবাৰ চিৰাঙত ডাম্পাৰৰ খুন্দাত নিহত হয় এজন যুৱক আৰু গুৰুতৰ ভাবে আহত হয় আন এজন যুৱক । পথ দুৰ্ঘটনাত নিহত যুৱক জনক ধুবুৰী জিলাৰ চিৰাখোৱা ঝামেৰচৰ তৃতীয় খণ্ডৰ জিয়াৰুল হক (২৪) আৰু আহত যুৱক জনক গোৱালপাৰা জিলাৰ টিলাপাৰাৰ আছাদ আলী (২২) বুলি চিনাক্ত হৈছে ।

বুধবাৰে দুপৰীয়াৰ ভাগত চিৰাং জিলাৰ চাপাগুৰীত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণ সেতু নিৰ্মাণ কাৰ্য চলি থকা ছাৰ্ভিছ ৰোডত এএচ ২৬ এচি ১৭৯৩ পঞ্জীয়নৰ শিল বালি কঢ়িয়াই নিয়া ডাম্পাৰে মহতিয়াই দিয়ে এএচ ১৭ পি ৬১২১ পঞ্জীয়নৰ মটৰচাইকেল সহ দুই মটৰচাইকেল আৰোহীক । প্ৰত্যক্ষদৰ্শীৰ সকলৰ মতে মৃত্যুদূত ৰূপী ডাম্পাৰে পিছপিনৰ পৰা মটৰচাইকেল খনক খুন্দা মাৰি প্ৰায় পঞ্চাশ মিটাৰলৈকে চোচোৰাই নিয়ে।

দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ যানবাহনৰ যাতায়াত বন্ধ হৈ তীব্ৰ যানজটৰ সৃষ্টি হয় । এই খবৰ লাভ কৰি কাজলগাঁও থানাৰ আৰক্ষী দুৰ্ঘটনা স্থলীত উপস্থিত হৈ আহত আছাদ আলী নামৰ যুৱক জনক সংকটজনক অবস্থাত বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত প্ৰেৰণ কৰে আৰু মৃত যুৱকজনক কাজলগাঁও স্থিত জেএচবি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । লগতে পথ দুৰ্ঘটনা কৰি এজন যুৱকৰ প্ৰাণকাঢ়ি নিয়া ডাম্পাৰ খনক জব্দ কৰি কাজলগাঁও থানাত লৈ যায় ।