বনাঞ্চলৰ উচ্ছেদিত লোকৰ কাষত অসম খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা...
বনাঞ্চলৰ উচ্ছেদিত লোকৰ কাষত অসম খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা... 
বড়োলেণ্ড

বনাঞ্চলৰ উচ্ছেদিত লোকৰ কাষত অসম খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাং: চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত প্ৰশাসনে উচ্ছেদ অভিযান চলোৱা বনগাঁৱত পৰিস্থিতিৰ বুজ ল'বলৈ শুকুৰবাৰ দিনা অসমৰ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ প্ৰতিনিধি দল উপস্থিত হয়। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক কমলাকান্ত মুছাহাৰীৰ নেতৃত্বত ৮ টাকৈ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ প্ৰতিনিধি দলে যোৱা ৩০ জানুৱাৰী তাৰিখে বি টি চি প্ৰশাসনৰ নিৰ্দেশত বনবিভাগে উচ্ছেদ অভিযান চলোৱা খালবাৰী আৰু ওদালগুৰি বনগাঁৱত উপস্থিত হৈ উচ্ছেদিত লোকসকলৰ সৈতে মত বিনিময় কৰে ।

প্ৰতিনিধি দলটোয়ে উচ্ছেদিত অঞ্চলত গৈ উচ্ছেদিত ভূমিপুত্ৰ বড়ো জনগোষ্ঠীয় লোকসকলৰ দুৰবস্থা দেখি গভীৰ উদ্বেগ প্ৰকাশ কৰে । এই ভূমিপুত্ৰ লোকসকল কি পৰিস্থিতিত এই সংৰক্ষিত বনাঞ্চলৰ ভিতৰত আহি থাকিব লগা হৈছে, এই দিশটো গভীৰ ভাৱে চিন্তা কৰাৰ প্ৰয়োজনীয়তা আছিল ।

এই ভূমিহীন খিলঞ্জীয়া লোকসকলৰ বাবে কোনো বিকল্প ব্যৱস্থা নকৰাকৈ এই ঠাণ্ডাৰ মাজতে উচ্ছেদ অভিযান চলাই তেওঁলোকক কণ কণ শিশু সন্তানসকলক লৈ মুকলি আকাশৰ তলত জীৱন অতিবাহিত কৰিবলৈ এৰি দিয়া বিষয়টো সন্দৰ্ভত পৰিদৰ্শন কৰিবলৈ অহা প্ৰতিনিধি দলৰ সদস্যসকলে উদ্বেগ প্ৰকাশ কৰি মন্তব্য কৰে ।

এই সন্দৰ্ভত প্ৰতিনিধি দলটোৰ নেতৃত্ব বহন কৰা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক কমলাকান্ত মুছাহাৰীয়ে কয় যে, অসমৰ যি বিলাক অঞ্চলত উচ্ছেদ অভিযানত ভূমিপুত্ৰ তথা খিলঞ্জীয়া উচ্ছেদিত হৈছে সেই উচ্ছেদিত লোকসকলৰ কাষত আহি থিয় দিছে অসমৰ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা।

তেওঁ কয়, আমাৰ লক্ষ্য ভূমিপুত্ৰ বড়ো সকলক ৰক্ষণাবেক্ষণ দিয়া। ইয়াৰোপৰি তেওঁ দেশৰ ৰাষ্ট্ৰীয় সম্পদ বনাঞ্চলসমূহ ৰক্ষা কৰাৰ বিষয়টো গুৰুত্ব আৰোপ কৰিব লাগিব বুলি মন্তব্য কৰে।

সেয়ে তেওঁ এই উচ্ছেদিত ভূমিহীন খিলঞ্জীয়া লোকসকলক পুনঃসস্থাপনৰ ব্যৱস্থা কৰা আৰু সামান্তৰাল ভাৱে ধ্বংসমুখী হোৱা বনাঞ্চলসমূহ ৰক্ষা কৰা এই দুটা বিষয় লৈ আলোচনা আৰু সমাধান কৰাৰ লক্ষ্যৰে অসমৰ খিলঞ্জীয়া জনজাতি সাহিত্য সভাই আগন্তুক সময়ত অসম চৰকাৰ আৰু বি টি আৰ প্ৰশাসনৰ কাষলৈ যাব বুলিও মন্তব্য কৰে।