কোকৰাঝাৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা...
কোকৰাঝাৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা... 
বড়োলেণ্ড

কোকৰাঝাৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ বডোফা নগৰস্থিত এন ডি এৰ নিৰ্বাচনী কাৰ্যালয়ত আজি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা উপস্থিত হৈ ইউ পি পি এল, বি জে পি আৰু অ গ পৰ দলীয় কাৰ্যকৰ্তাৰ সতে এক বৈঠকত মিলিত হয়। ইউ পি পি এল দলৰ সভাপতি তথা বি টি চি প্ৰধান প্ৰমোদ বড়ো, ১নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ এন ডি এৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ অধ্যক্ষ হেমেন্দ্ৰ নাথ ব্ৰহ্ম , মুখ্য আহ্বায়ক গৌতম দাস আদিকে ধৰি তিনিওদলৰ কাৰ্যকৰ্তাৰ উপস্থিতিত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ভৱেশ কলিতা।

মূলতঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজত কিদৰে জয়লাভ কৰিব পৰা যাব তাৰ ওপৰত আলোচনা কৰাৰ লগতে নিৰ্বাচন কেন্দ্ৰিক আন আন আলোচনাও বৈঠকত সম্পন্ন হয়। ইপিনে বৈঠকৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদমাধ্যমৰ আগত অসমৰ ১৪ খন আসনৰ ভিতৰত ১৩ খন আসনেই এন ডি এয়ে লাভ কৰিব বুলি দাবী কৰিছে।

১ নং কোকৰাঝাৰ লোকসভা সমষ্টিত এন ডি এ এক নম্বৰ হিচাপেই থাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ভৱেশ কলিতাই। বড়ো -অবড়োৰ কথা পতাটোৱেই ভুল , সৰ্বপ্ৰথম আমি মানুহ আৰু আমি মানৱীয় দৃষ্টিভঙ্গীহে গ্ৰহণ কৰো বুলি মন্তব্যৰে ভৱেশ কলিতাই শান্তি, উন্নয়নৰ স্বাৰ্থতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভোটাৰে এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিব আৰু কমেও দুই লাখ ভোটৰ ব্যৱধানত জয়ন্ত বসুমতাৰী জিকিব বুলি মন্তব্য কৰিছে।