বড়োলেণ্ড

কোকৰাঝাৰত গুৰুদেৱ কালিচৰণ ব্ৰহ্ম একাডেমীৰ ৪খন পুথি উন্মোচন

Asomiya Pratidin

ডিজিটেল সংবাদ,হাওৰাঘাট : কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড অতিথিশালাত বুধবাৰে দুপৰীয়া ১২-০০ বজাত গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ সভাপতি ড° অজিত বড়োৰ সভাপতিত্বত অনুষ্ঠিত কৰা এখন সভাত গুৰুদেৱ কালিচৰণ ব্ৰহ্ম একাডেমীৰ ৪খন পুথি উন্মোচন কৰা হয় । গুৰুদেৱ কালিচৰণ ব্ৰহ্ম একাডেমীৰ বাবে UKG,LKG আৰু প্ৰথম শ্ৰেণীৰ বাবে মুঠ ৪খন পুথি উন্মোচন কৰে প্ৰচাৰ ভাৰতীৰ প্ৰবীণ সাংবাদিক প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে ।

উন্মোচনী সভাত উপস্থিত থাকে সদৌ ব্ৰহ্ম ধৰ্ম কমিটিৰ সভাপতি অশ্বিনী কুমাৰ স্বৰ্গীয়াৰী, কোকৰাঝাৰৰ বাণেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজৰ অধ্যক্ষ ড° কমল কুমাৰ ব্ৰহ্ম, গুৰুদেৱ কালিচৰণ ব্ৰহ্ম একাডেমী বৰ্ডৰ অধ্যক্ষ ড° কুমুদ ৰঞ্জন বসুমতাৰী, ব্ৰহ্ম ধৰ্ম কো অৰ্ডিনেশ্বন কমিটিৰ মুখ্য আহ্বায়ক ড° চাংগ্ৰাং ব্ৰহ্ম, ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সংসদৰ সচিব বিদ্যাসাগৰ ব্ৰহ্ম, সদৌ ব্ৰহ্ম ধৰ্ম যুৱ কমিটিৰ সভাপতি ৰণসাই বসুমতাৰী আদি বহু বিশিষ্ট ব্যক্তি। উল্লেখ্য যে গুৰুদেৱ কালিচৰণ ব্ৰহ্ম একাডেমীৰ বাবে উন্মোচিত পুথিকেইখন প্ৰকাশ কৰি উলিয়াইছে গুৰুদেৱ পাব্লিকেচন বৰ্ড তথা এই পাব্লিকেচন ব'ৰ্ডৰ অধ্যক্ষ অংকুৰ ব্ৰহ্মই ।