অসম

বড়োলেণ্ড গেলান্টচ গ’ল্ড কাপত মণিপুৰক হৰুৱাই শ্বিলং লাৱনৰ খিতাপ দখল, শ্ৰেষ্ঠ খেলুৱৈ শ্বিলং লাৱনৰ ইজিংমট লিংডোই

asomiyapratidin

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ ডিমাকুছি এবছু আৰু ডিমাকুছি ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত চতুৰ্বিংশতিতম বড়োলেণ্ড গেলান্টচ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰিছে শ্বিলং লাৱন এফচি দলে৷ ডিমাকুছি ষ্টেডিয়ামত বিটিচিৰ যুৱ কল্যাণ আৰু ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে শুভ উদ্ধোধন কৰা চূড়ান্ত মেচত শ্বিলং লাৱন এফচিয়ে মণিপুৰ ইয়ৰখক এফচি দলক ২-১ গ'লত পৰাস্ত কৰে৷ তীব্ৰ উত্তেজনাপূৰ্ণ মেচত শ্বিলং লাৱনৰ হৈ খেলৰ ২৮মিনিটত ইজিংমট লিংড'ইদিয়াই এটা গ'লেৰে বিৰতিৰ সময়লৈ ১-০ গ'লত আগবাঢ়ি থাকে৷

বিৰতিৰ পিছত আক্ৰমণ-প্ৰতিআক্ৰমণ চলি থকাৰ পূৰ্ণ সুযোগ লৈ মণিপুৰ ইয়ৰখক দলৰ ৱাৰচ'পী কাচিঙে মেচৰ ৬৫ মিনিটত এটা স্ক'ৰ কৰি দলক ১-১ গ'লত সমতা স্থাপন কৰে যদিও শ্বিলং লাৱনৰ ইজিংমট লিংডোই পুনৰ মেচৰ ৮৩মিনিটত এটা গ'ল স্ক'ৰ কৰি দলক নিশ্চিত বিজয়ৰ সোৱাদ দিবলৈ সক্ষম হয়।

বিশ্বজিত বড়ো, বুদ্ধ বসুমতাৰী, ইলিচ মুছাহাৰী, মহন্ত বড়ো আৰু লেবেন দৈমাৰীয়ে পৰিচালনা কৰা মেচত শ্ৰেষ্ঠ খেলুৱৈৰ বটাঁ লাভ কৰে শ্বিলং লাৱনৰ ইজিংমট লিংডোই। শেষত বিজয়ী দলক বটাঁ সমূহ প্ৰদান কৰে ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে৷ আনহাতে বিজিত দলক এবছুৰ ক্ৰীড়া সম্পাদক গনেশ বসুমতাৰীয়ে আৰু শ্ৰেষ্ঠ খেলুৱৈ ননৈ চেৰফাং সমষ্টিৰ এমচিএলএ সুৰেশ তাঁতীয়ে ৷