অসম

২৭ এপ্ৰিলৰ পৰা বড়ো সাহিত্য সভাৰ অধিৱেশনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বড়ো জনগোষ্ঠীৰ সাহিত্য অনুষ্ঠান বড়ো সাহিত্য সভাৰ তামুলপুৰ অধিৱেশনৰ মুখ্য অতিথি দেশৰ মহামহিম ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ২৭ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ ৩ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই নঅধিৱেশনত ৰাষ্ট্ৰপতিৰ উপস্থিতি নিশ্চিত কৰিছে সভাৰ বিষয়ববীয়াই।

উল্লেখ্য যে, তামুলপুৰৰ গোজেন ফোথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ অধিৱেশন। ইতিমধ্যে এই অধিৱেশনক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে উদযাপন সমিতিয়ে। সভাত সাহিত্য, সংস্কৃতিৰে জড়িত আন বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। অধিৱেশনৰ প্ৰতিটো দিনত অনুষ্ঠিত হ'ব সাহিত্য, সংস্কৃতিৰ বহু বৰ্ণাঢ্য অনুষ্ঠান।