অসম

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মলৈ উপেন্দ্ৰ নাথ ব্ৰহ্ম মানবতাৰ সৈনিক বঁটা ঘোষণা

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সোঁৱৰণত ইউ এন বি টি ন্যাসে প্ৰতিবছৰৰ দৰে এইবেলিও ১৬ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বটাঁৰ বাবে বড়ো সাহিত্য জগতৰ বৰেণ্য ব্যক্তি তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ নাম ঘোষণা কৰিছে৷ এক বিবৃতিযোগে ইউ এন বি টি ন্যাসৰ অধ্যক্ষ সুবুং বসুমতাৰীয়ে সদৰী কৰা মতে ১৬ সংখ্যক "উপেন্দ্ৰ নাথ ব্ৰহ্ম মানবতাৰ সৈনিক বঁটা, ২০১৯"ৰ বাবে কোকৰাঝাৰ চহৰৰ বাগানশালিৰ ৱাৰ্ড নং ৭ৰ নিবাসী তথা সাহিত্যিক, অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ (৭৭) নাম জৰীপ ব'ৰ্ডে বাচনি কৰিছে।

উল্লেখ্য যে, টাগুৰ সাহিত্যিক বঁটা, শামেশ্বৰী ব্ৰহ্ম সাহিত্যিক বঁটাকে ধৰি ৬ টা বিভিন্ন বঁটাৰে বিভুষিত হোৱা সাহিত্যিক ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মই কোকৰাঝাৰ জিলাৰ চালানী বাতাবাৰী গাঁৱত ১৯৪৩ চনৰ ১ জুনত জন্মগ্ৰহণ কৰিছিল৷ প্ৰথম অৱস্থাত শিক্ষকতাৰ চাকৰিৰে জীৱনৰ পাতনি মেলি পিছলৈ তেওঁ ২০০২ চনৰ পৰা ২০০৮ চনলৈ বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতিৰ পদ অলংকৃত কৰি কৰিছিল৷