অসম

বড়ো মাধ্যমৰ সুকীয়া শিক্ষা সঞ্চালকালয় মুকলি আদৰণি প্ৰমোদ বড়োৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ শনিবাৰে শিক্ষক দিৱসৰ দিনটোতে অসম চৰকাৰে বড়ো মাধ্যমৰ বাবে সুকীয়া শিক্ষা সঞ্চালকালয় মুকলি কৰা কাৰ্যক আদৰণি জনাই এবছুৰ প্ৰাক্তন সভাপতি তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে।

শনিবাৰে ওদালগুৰিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি বড়োৱে কয় যে- এবছুৰ নেতৃত্বত সুদীৰ্ঘ বছৰে উত্থাপিত এই দাবীত আন্দোলন চলাই অহাৰ পিছত ইয়াক কাৰ্যকৰী কৰা নহ'ল। যাৰ ফলত বিষয়টো বিটিআৰ চুক্তিত অন্তৰ্ভুক্ত কৰা হৈছিল। এই চুক্তিৰ ভিত্তিত শনিবাৰে অসম চৰকাৰে এই দীৰ্ঘদিনীয়া দাবী পুৰণ কৰাটো বড়ো জনসাধাৰণৰ বাবে আনন্দৰ বিষয়। সুকীয়া সঞ্চালকালয় গঠনৰ পাছত এতিয়া বিটিচি অঞ্চলত শিক্ষাৰ মানদণ্ড উন্নত হ'ব। বড়ো মাধ্যমৰ শিক্ষাৰ্থী, শিক্ষক তথা অভিভাৱকসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব। বিটিচি অঞ্চলৰ দীৰ্ঘদিনীয়া এক সমস্যা আজি বিটিআৰ চুক্তিৰ দ্বাৰা সমাধান হৈছে।

ইফালে ইউপিপিএলৰ পৰা সদ্য অব্যাহতি প্ৰাপ্ত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ সন্দৰ্ভত মত ব্যক্ত কৰি বড়োৱে কয় যে- মেচক আমি মৰমেৰে আকোৱালি লৈ কাম কৰাৰ সুযোগ দিছিলো যদিও তেওঁ দলৰ বিপৰীতে গৈ কাম কৰাৰ বাবে তেখেতক উলিয়াই দিবলৈ দল বাধ্য হৈছে। ৰাজনীতিত মানুহ আহে আৰু যায় বুলিও তেখেতে সাংবাদিকৰ আগত ভাষ্য প্ৰদান কৰে।