অসম

নেৰিমত ৰক্তদান শিবিৰ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ মঙলবাৰে নেৰিম গ্ৰুপ অৱ ইনষ্টিটিউচনৰ সমাজ-সেৱা বিভাগৰ উদ্যোগ তথা নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউচনৰ সহযোগত এক আলোচনা সভা তথা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।

উক্ত সভাখনত আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকি নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউচনৰ চীফ অপৰেটিং অফিচাৰ ডা০ গীতাৰ্থ ৰয়মেধিয়ে "স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত নৱ প্ৰজন্মৰ ভূমিকা" বিষয়ক এক বক্তৃতা প্ৰদান কৰে। নেৰিমৰ প্ৰায় ১৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই সভাত অংশগ্ৰহণ কৰে।

ইয়াৰ লগতে নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউচনৰ পেথ'ল'জিষ্ঠ ডা০ আলোক কুমাৰ জৈন আৰু বায়'কেমিষ্ট ডা০ ইমলিৱাটি লংকুমাৰৰ নেতৃত্বত অহা ব্লাড বেংক টেকনিচিয়ান আৰু অন্যান্য সহযোগী সকলৰ এটা দলে প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী তথা অধ্যাপকৰ পৰা ৰক্ত সংগ্ৰহ কৰিবলৈ সক্ষম হয়।