অসম

অসম সচিবালয়ৰ সন্মুখত সুধাকন্ঠৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তাৱ বিজেপিৰ ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ…

asomiyapratidin

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈ সনাতন ধৰ্ম সভা প্ৰাঙ্গণত দুদিনিয়াকৈ অনুস্থিত হোৱা ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ কাৰ্য্যনিবাহক সভাৰ দ্বিতীয় দিনাৰ দেওবাৰৰ কাৰ্যসূচী ৰ অন্তত মঙলদৈ আৱৰ্ত ভৱনত এখন সংবাদ মেল সম্বোধন কৰে।

সংবাদ মেলত বিজেপিৰ ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ সভাপতি নবাৰুণ মেধিৰ লগতে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস আৰু বিজেপিৰ দৰং জিলা সমিতিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা উপস্থিত থাকে । সংবাদ মেলত দুদিনীয়া কৈ অনুস্থিত হোৱা অসম ৰাজ্যিক বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ কাৰ্য্যনিবাহকে গ্ৰহণ কৰা সিদ্ধান্ত সমুহৰ বিষয়ে সাংবাদিক জনাই ,দুদিনিয়া কৈ অনুস্থিত হোৱা ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ কাৰ্য্যনিবাহকত মুখ্যত তিনিটা প্ৰস্তাৱ গ্ৰহণ কৰে।

মৰ্চাৰ কাৰ্য্যনিবাহত প্ৰথম প্ৰস্তাৱ মৰ্মে অসম সচিবালয়ৰ সন্মুখত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ এটি প্ৰতিমূৰ্তি স্থাপনৰ কৰা হওঁক বুলি প্ৰস্তাৱ গ্ৰহণ কৰি এই প্ৰস্তাৱ টো কাৰ্য্যকৰণ কৰাৰ অৰ্থে অসম চৰকাৰলৈ প্ৰেৰণ কৰা হব বুলি মৰ্চাৰ সমিতিয়ে জানিব দিয়ে । অনুসূচিত জাতি মৰ্চাৰ কাৰ্য্যনিবাহক দ্বিতীয় প্ৰস্তাৱ মৰ্মে অসমৰ অনুসূচীত জাতিৰ লোকৰ বাবে সংৰক্ষিত ৮ টা বিধান সভাৰ সমষ্টিৰ গোটেই কেইটা সমষ্টিতে নিৰ্বাচনত অংশগ্ৰহণ কৰি জয়ী হবলৈ কৰ্মী সকলক সাজু হবলৈ আহ্বান জনাই জাগৰণ গঢ়ি তোলা হওঁক বুলি প্ৰস্তাৱ গ্ৰহণ কৰে ।

অসমত পূৰ্বৰে পৰা চলি অহা থলুৱা শিল্পী সকলৰ কাম সমুহ বিজ্ঞান সন্মত ভাবে উন্নীত কৰি এই শিল্পসমুহৰ লগত জঢ়িত লোক সকলক অৰ্থনৈতিক ভাৱে আগবঢ়াই নিয়াৰ চিন্তা কৰি এই শ্ৰেণীৰ লোক সকলক চৰকাৰীভাবে সহায় সহযোগ কৰিবলৈ চৰকাৰলৈ আহ্বান জনোৱাৰ লগতে অনুসূচীত জাতিৰ ছাত্র ছাত্ৰী সকলক বৃত্তিৰ ধনৰ পৰিমাণ বৃদ্ধি কৰাৰ চিন্তা কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।