অসম

ওৰাঙৰ ধনশ্ৰীঘাটত ৰৌতা মণ্ডল বিজেপি যুৱ মৰ্চাৰ সাংগঠনিক সভা..

asomiyapratidin

ডিজিটেল সংবাদ,ওৰাং: বিটিচি নিৰ্বাচনক লৈ বড়ো ভূমিত এতিয়া বিজেপিৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। বড়ো ভূমিত পৰিষদীয় নিৰ্বাচনৰ দিন বাৰ ঘোষণা হোৱা নাই যদিও ৰাজনৈতিক দল সমূহৰ মাজত অব্যাহত আছে নিৰ্বাচনী তৎপৰতা। শনিবাৰে বিটিচি পৰিষদৰ ৪০ নং ৰৌতা সমষ্টিৰ ধনশ্ৰীঘাটত ৰৌতা মণ্ডল বিজেপি যুৱ মৰ্চাৰ সাংগঠনিক সভা অনুষ্ঠিত হয়। বিজেপি যুৱ মৰ্চাৰ এই সাংগঠনিক সভাতে ৪০ নং ৰৌতা সমষ্টিৰ বিজেপি দলৰ যুৱ প্ৰাৰ্থী কষ্ট ৰাম বাগলাৰীৰ হৈ দলীয় কৰ্মী সকলে কেতবোৰ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচত সমষ্টিটোত বিজেপি দলৰ প্ৰাৰ্থী কষ্ট ৰাম বাগলাৰীক জয় নিশ্চিত কৰাৰ বাবে নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিছে ৰৌতা মণ্ডল বিজেপিয়ে। সমষ্টিটোৰ প্ৰতিটো বুথ, প্ৰতিটো শক্তি কেন্দ্ৰ আৰু মণ্ডল পৰ্যায়ত দলীয় কাৰ্যকৰ্তাক ঘৰে ঘৰে গৈ বিজেপি দলৰ হৈ প্ৰচাৰ চলাবলৈ আহ্বান ৪০ নং ৰৌতা সমষ্টিৰ তত্বাবধায়ক দ্বীপৰঞ্জন সূত্ৰধৰৰ। সমষ্টিটোৰ বিজেপিৰ যুৱ প্ৰাৰ্থী কষ্ট ৰাম বাগলাৰীয়ে দলীয় কৰ্মী সকলক বুথ পৰ্যায় শক্তিশালী কৰাৰ বাবে কাৰ্যকৰ্তাক আহ্বান জনায়। ৰৌতা মণ্ডল বিজেপি যুৱ মৰ্চাৰ সাংগঠনিক সভাৰ সভাপতিত্ব কৰে ওদালগুৰি জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক সমৰ হাজৰিকাই।