অসম

৬০টা ৱাৰ্ডৰ ৫৮ টাত বিজেপি মিত্ৰজোঁটৰ জয়…

asomiyapratidin

ডিজিটেল ডেস্ক: ২২ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ আজি ফলাফল ঘোষণা হয়। এই নিৰ্বাচনত বিজেপিয়ে চমকপ্ৰদ ফলাফল দেখুৱাই।

গুৱাহাটীৰ ৬০ টা ৱাৰ্ডৰ ৫৮ টা ৱাৰ্ডতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। বাকী দুটা দখল কৰে আম আদমী পাৰ্টী আৰু অসম জাতীয় পৰিষদে।

অন্যহাতে এই নিৰ্বাচনত কংগ্ৰেছে এটা ৱাৰ্ডো লাভ কৰিবলৈ সক্ষম নহয়। কংগ্ৰেছে কেইবাটাও ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল যদিও এটাতো জয়লাভ নকৰিলে।