অসম

গুৰুজনাক লৈ তুলুঙা মন্তব্য বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালৰ

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ বিষয়ে সময়ে সময়ে বিতৰ্কিত মন্তব্যৰে অসমীয়া ৰাইজৰ ৰোষত পৰি একাংশ বহুবল্কীয়ে ৰাজহুৱা ক্ষমা ভিক্ষা খোজাৰ লগতে ৰঙাঘৰত সোমাবলগীয়া হোৱাৰ পিছতো যেন শিক্ষা হোৱা নাই একাংশ ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰ৷

নিজৰ ৰাজনৈতিক বক্তব্যৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাক টানি আনি অতি বিতৰ্কিত তথা টুলুঙা মন্তব্য দি এতিয়া গুৰুজনাৰ জন্মস্থান দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থান তথা ৰাজ্যবাসীৰ ৰোষত পৰি তিৰস্কাৰৰ সন্মুখীন হৈছে বিজেপি দলৰ মুখপাত্ৰ মমিনুল আৱাল৷

'জাহা জাহা মুছলমান তাহা তাহা কংগ্ৰেছ' -কংগ্ৰেছ দলৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সমালোচনা কৰিবলৈ গৈ নিজৰ বিতৰ্কিত সাম্প্ৰদায়িক ৰাজনৈতিক মন্তব্যক যথাৰ্থতা প্ৰদান কৰিবলৈ গৈ মহাপুৰুষ শঙ্কৰদেৱৰ নামটো সাঙুৰি বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখিছিল- 'শঙ্কৰদেৱে কৈছিল- 'জাহা জাহা পানী তাহা তাহা মাছ, আৰু এতিয়া শঙ্কৰদেৱ থকা হ'লে ক'লেহেতেন 'জাহা জাহা মুছলমান তাহা তাহা কংগ্ৰেছ।'

শনিবাৰে মমিনুল আৱালৰ এই বিতৰ্কিত বক্তব্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই মুখপাত্ৰগৰাকীৰ বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ছ'চিয়েল মিডিয়াত৷ ফেচবুকত হাজাৰ হাজাৰ লোকে এনেদৰে দায়িত্বজ্ঞানহীনভাৱে গুৰুজনাক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা কাৰ্যৰ বাবে মমিনুল আৱালক সমালোচনাৰে থকা-সৰকা কৰাৰ লগতে একাংশই বিজেপি নেতাগৰাকীৰ জ্ঞানৰ পৰিধিক লৈ তীব্ৰ শব্দবানেৰে অতি ব্যংগভাৱে ইতিকিং কৰা পৰিলক্ষিত হয়৷

বিজেপি দলৰ মুখপাত্ৰ তথা সংখ্যালঘূ উন্নয়ন পৰিষদৰ অধ্যক্ষ মমিনুল আৱালে অসমীয়া জাতিৰ শিৰৰ মুকুটস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাক কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গুৰুজনাৰ জন্মস্থানৰ ভকত-বৈষ্ণৰ-আই মাতৃ তথা সত্ৰবাসী৷ সকলোৱে একেমুখে মমিনুল আৱালক গৰিহণা দিয়াৰ লগতে গুৰুজনাক লৈ কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ তীব্ৰ সকিয়নি প্ৰদান কৰিছে৷

বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৱালৰ বক্তব্যক চূড়ান্ত দায়িত্বহীন, জ্ঞানশূন্যহীন বুলি আখ্যা দি ৰাজনৈতিক কথাত গুৰুজনাক টানি অনা কাৰ্যৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ হৈ সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ভোগেশ্বৰ বৰাই 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংবাদদাতাক কয় যে- 'পৰমপুৰুষে দি থৈ যোৱা আমাৰ প্ৰকৃত ঐতিহ্য-সৌধক আক্ৰমণ কৰি তথা বক্তোক্তি কৰি বিজেপিৰ নেতা মমিনুল আৱালে আগবঢ়োৱা অতি বিতৰ্কিত বক্তব্যই গুৰুজনাৰ প্ৰকৃত পৰিচয় তথা ভাৱমূৰ্তিত আঘাত হনা কাৰ্য আমাৰ অসমীয়া জাতিটোৰ বাবেই অতি দুৰ্ভাগ্যৰ বিষয়৷' কাৰ্যকৰী সভাপতিগৰাকীয়ে আৰু কয় যে- 'শ্ৰীমন্ত শঙ্কৰদেৱৰ বিষয়ে, বৈষ্ণৱ গুৰুসকলৰ বিষয়ে তথা বৰদোৱা থানখনৰ বিষয়ে পুংঙ্খানুপুংখ অধ্যয়ন নকৰাকৈ অনাগত সময়ত সংশ্লিষ্ট সকলোৱে যাতে কোনো মন্তব্য নকৰে তাৰ বাবে আহ্বান জনোৱা হৈছে৷'

শঙ্কৰী সাহিত্যৰ গৱেষক, বিশিষ্ট বৈষ্ণৱ পণ্ডিত, বটদ্ৰৱা শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সভাপতি ড০ নৰেন কলিতাই মমিনুল আৱালৰ বক্তব্যক অতি দূৰ্ভাগ্যজনক আখ্যা দি অসমীয়া কলা-সংস্কৃতি-সাহিত্য সম্পৰ্কে সাধাৰনজ্ঞানকনো নথকা বাবেই শাসকীয় দলটোৰ মুখপাত্ৰ সংখ্যালঘূ নেতাজনে এনে গৰ্হিত মন্তব্য প্ৰদান কৰিছে বুলি অতি আক্ষেপেৰে কয়৷

অসমীয়া জাতিৰ পৰমপূজ্য মহাপুৰুষ জনাক নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰি তেওঁ সমগ্ৰ অসমীয়া জাতি সত্বাকেই অপমান কৰা বুলি মন্তব্য কৰি বৈষ্ণৱ পণ্ডিতগৰাকীয়ে আৰু কয় যে এনে কাৰ্যৰ বাবে সংখ্যালঘূ নেতাজনে গুৰুজনাৰ শ্ৰীচৰণত শিৰ নত কৰি ক্ষমা ভিক্ষা খুজিব লাগে৷ জাতি-মাতি-ভেটিৰ কথা কোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে দলৰ এনেবোৰ নেতাক সময় থাকোতেই নিয়ন্ত্ৰন নকৰিলে দলটোৰ প্ৰতি ৰাইজৰ আস্থা নিশ্চিতভাৱে কমিব বুলি ড০ কলিতাই 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংবাদদাতাৰ আগত নিজৰ ক্ষোভ ব্যক্ত কৰে৷