অসম

জিলা পুথিভঁৰালৰ সন্মুখত ভাৰতীয় জনতা পাৰ্টিৰ দৰং জিলা সমিতিৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ সময়ত ভাৰতীয় ৰাজনীতিৰ ক্ষেত্ৰখনত এক জোকাৰণীৰ সৃষ্টি হৈছিলে ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাক লৈ। কংগ্ৰেছ দল তথা কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে ৰাফেল যুদ্ধ বিমান ক্ৰয় সংক্ৰান্তত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছিলে।

ফৰাছী কোম্পানী তথা ভাৰতৰ অনিল আম্বানী মালিকানাধিন ৰিলায়েঞ্চ এই কেলেংকাৰীৰ লগত জড়িত বুলি একপ্ৰকাৰ হৈ-চৈৰ সৃষ্টি কৰিছিলে কংগ্ৰেছে। কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে ৰাফেল সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাঙুৰি মন্তব্য কৰিছি যে, "চৌকিদাৰ চোৰ হে"। পৰৱৰ্তী সময়ত ৰাফেলৰ এই অভিযোগ গৈ পালে উচ্চতম ন্যায়ালয়ৰ মজিয়াত।

এক দীৰ্ঘ পৰিক্ৰমাৰ অন্তত উচ্চতম ন্যায়ালয়ে ৰাফেল যুদ্ধ বিমান ক্ৰয় সম্পৰ্কে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰক ক্লিনশ্বীট প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছত কংগ্ৰেছ দল তথা ৰাহুল গান্ধীৰ মিথ্যাচাৰ প্ৰমাণ হোৱাত বিজেপি কৰ্মী সকলে সমগ্ৰ দেশতে কংগ্ৰেছৰ মিথ্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদী ধৰ্ণাত নামি পৰে।

শনিবাৰে ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সমিতিয়ে জিলা পুথিভঁৰালৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ নেতৃত্ব বহন কৰে জিলা সভানেত্ৰী নীলিমা দেৱী, জিলা সম্পাদক মুকুন্দ ডেকা আদি জিলা পৰ্য্যায়ত নেতাই ।

ইয়াৰ উপৰিও মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে প্ৰতিবাদী কাৰ্যসূচীত বক্তব্য দাঙি ধৰে । বক্তব্যত বক্তা সকলে কয় যে, কংগ্ৰেছৰ চূড়ান্ত মিথ্যাচাৰ উচ্চতম ন্যায়ালয়ে প্ৰমাণ কৰিলে। ৰাহুল গান্ধী এজন অতি নিৰ্লজ্জ লোক ইয়াৰ পিছতো যদি ৰাহুল গান্ধীৰ নাকত অকণো লাজ আছে তেন্তে তেওঁ দেশবাসীৰ ওচৰত ক্ষমা খোজক।