অসম

মঙলদৈত বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্ধোধন…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা মঙলদৈ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য নিৰ্বাচনী কাৰ্য্যালয় মঙলবাৰে সন্ধিয়া উদ্ধোধন কৰে মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে। ভেৱাৰ ঘাট বাছ আস্থানৰ বিপৰীত দিশত স্থাপন কৰা এই মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্ধোধনী অনুষ্ঠানত সভাপতিত্ব কৰে জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মাই।

অনুস্থানত উপস্থিত থাকে মঙলদৈ বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰভাৰী সৌহান পাল সিং , ৰাজ্যিক পৰিষদৰ সদস্য স্বপন ঘোষ , জিলা সাধাৰণ সম্পাদক মন্টু ডেকা , উপসভাপতি প্ৰতাপ বৰদলৈ, শেৱালী গোস্বামী কলিতা , দেৱব্ৰত দত্ত , জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক দ্বয় বিতোপন ডেকা আৰু জ্যোতি প্ৰসাদ ডেকা , মহিলা মৰ্চা নেতৃবৃন্দ , বিজেপি কাৰ্যকতা , যুৱ মৰ্চাৰ কাৰ্যকতাৰ লগতে পাঁচ শতাধিক দলীয় কৰ্মী।