অসম

বিজেপি বিধায়ক ডাঃ ৰণোজ পেগুৰ টোগলকী কাণ্ড! চতুৰ্দশ বৃত্তীয় আয়োগৰ আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম ঢকুৱাখনাৰ হাৰ্হি পঞ্চায়তত

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰ খনৰ কথা আৰু কামৰ মাজত যে আকাশ পাতাল পাৰ্থক্য আছে সেয়া দুনাই কোৱা প্ৰয়োজন নাই। বিশেষকৈ পঞ্চায়তৰ বিভিন্ন আঁচনি ৰূপায়নৰ নামত একাংশ জনপ্ৰতিনিধিয়ে নিজৰ অঙহী বঙহীৰ দ্বাৰা সকলো কাম ৰূপায়ণ কৰি আঁচনিৰ অধিকাংশ ধন আত্মসাত কৰি আহিছে যদিও ইয়াত কমিচনৰ ভাগ পোৱা বিষয়া কৰ্মচাৰীয়ে সম্পূৰ্ণ নীৰৱ ভূমিকা পালন কৰিছে। এইক্ষেত্ৰত ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢকুৱাখনাৰ হাৰ্হি পঞ্চায়ত তথা হাৰ্হি জিলা পৰিষদত ধেমাজি বিধায়ক ডাঃ ৰণোজ পেগু আৰু খণ্ড উন্নয়ন বিষয়া গোপাল শৰ্মাই কৰা এটা কাণ্ডক লৈ সমগ্ৰ শিঙিয়া বাসী ৰাইজ ক্ষোভিত হৈ পৰিছে।

কাৰণ ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰনোজ পেগুৰ টোগলকী কাণ্ডৰ বাবেই শিঙিয়া পঞ্চায়তৰ সাপতীয়া ৩৭০ নং প্ৰাথমিক বিদ্যালয়ৰ নামত অহা পুঁজি অতি কৌশলেৰে হাৰ্হি চাপৰি প্ৰাথমিক বিদ্যালয়লৈ হস্তান্তৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে দেশ স্বাধীন হোৱাৰ আগতেই অৰ্থাৎ ১৯৪৬ চনতে স্থাপিত সাপতীয়া অঞ্চলৰ এখন অন্যতম শিক্ষানুষ্ঠান ৩৭০ নং প্ৰাথমিক বিদ্যালয়ৰ চৌহদ নিৰ্মাণৰ বাবে এইবাৰ চতুৰ্থ বৃত্তিয় আয়োগৰ ফালৰ পৰা দ্বীতীয় কৃষ্টিৰ ধন হিচাপে ২ লাখ ৭০ হাজাৰ টকা আগবঢ়োৱা হৈছিল চৰকাৰী কাগজ পত্ৰ মতে। কাৰণ ইতিমধ্যে যোৱা পঞ্চায়তৰ কাৰ্যকালত সভানেত্ৰী বীণা তাওৰ দিনত গাঁওখনৰ মেম্বাৰ দুলুমনি চমুৱা বৰগোহাঁইয়ে ২ লাখ টকা ব্যয়ৰে বিদ্যালয় খনৰ চাৰিসীমাৰ এটা নামমাত্ৰ অংশ পকী বেৰা দিছিল যদিও সেইয়া দুবছৰ নহওঁতেই হেলনীয়া হৈ ভাগি পৰাৰ উপক্রম হৈছে।

এইক্ষেত্ৰত বৰ্তমান স্থানীয় বিধায়কৰ জৰিয়তে বিদ্যালয় খনৰ বাকী বেৰা সমূহ নিৰ্মাণৰ বাবে দ্বিতীয় কৃষ্টিৰ বাবে ২.৭০ লাখ টকা আৱন্তন হৈছিল। ইয়াৰ স্পষ্ট প্ৰমাণ বিধায়ক তথা ঢকুৱাখনা খণ্ড উন্নয়ন বিষযাৰ কাৰ্যলয়ৰ পৰা উলিয়াই জাননীত উল্লেখ আছে। কিন্তু আচৰিত কথা এয়ে যে বৰ্তমান এই বিদ্যালয়ৰ নামত অহা ধন অতি কৌশলেৰে পঞ্চায়ত তথা জিলা পৰিষদৰ প্ৰতিনিধিয়ে এইখন বিদ্যালয়ৰ পৰা আঁতৰাই হাৰ্হি চাপৰি প্ৰাথমিক বিদ্যালয়ৰ নামত দিয়াত সমগ্ৰ অঞ্চল বাসী জ্বলি উঠিছে।

তাতোকৈ লক্ষণীয় বিষয় এয়ে যে যিগৰাকী দায়িত্বশীল জনপ্ৰতিনিধি ডাঃ ৰণোজ পেগু আৰু বিডিঅ' গোপাল শৰ্মাই এনে এটা গৰ্হিত কামত হাত উজান দিছে তেওঁলোককো একপ্ৰকাৰ ধিক্কাৰ দিছে শিঙিয়া পঞ্চায়তৰ ৰাইজে। কাৰণ যোৱা দেওবাৰে ডাঃ ৰণোজ পেগুৱে সকলো কথা নিজে জানিও হাৰ্হি চাপৰি প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত বিদ্যালয় পকী বেৰা নিৰ্মাণৰ ফলক খন ফিটা কাটি উদ্বোধন কৰিছিল।

কিন্তু লক্ষণীয় বিষয় এয়ে যে ইয়াত কিন্তু স্থাপন কৰা ফলক খন আছিল সাপতীয়া প্ৰথমিক বিদ্যালয়ৰ নামতহে। য'ত স্পষ্টকৈ উল্লেখ আছে সাপতীয়া বিদ্যালয়ৰ পকী বেৰা নিৰ্মানৰ দ্বিতীয় কৃষ্টিৰ ধন ২ লাখ টকা বুলি। এই কথাক লৈয়ে এতিয়া সমগ্ৰ অঞ্চলবাসী ক্ষোভিত হোৱাই নহয়, ঢকুৱাখনা মহকুমা প্ৰশাসনৰ লগতে জিলা উপায়ুক্তক ইয়াৰ উৎসিত তদন্ত কৰিবলৈ দাবী জনাইছে।

উল্লেখযোগ্য যে ঢকুৱাখনা খণ্ড উন্নয়ন বিষয়াৰ কমিচনকে ধৰি একাংশ পঞ্চায়ত প্ৰতিনিধিৰ চক্ৰান্ত তথা নিজৰ আত্মীয় স্ৰজনক সন্তুষ্ট কৰি ৰখাৰ স্বাৰ্থতে দায়িত্বশীল এগৰাকী জনপ্ৰতিনিধিয়ে কৰা এনে কাণ্ডহীন কাৰ্যত বিজেপি চৰকাৰৰ শূণ্য সহানশীলতাৰ প্ৰকৃত ছবি খন স্পষ্ট হৈ পৰিছে বুলি চাৰিওফালে চৰ্চিত হৈছে।।