অসম

ডিব্ৰুগড়ত বিজেপি নেতাসহ আৰক্ষীৰ জালত ৫জন

asomiyapratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ত আই পি এলৰ নামত বিগত কিছুদিনৰ পৰা ব্যাপক জুৱাৰ আড্ডা বহুৱাই অহা এটা চক্ৰ সোমবাৰে উৎখাত কৰিছে আৰক্ষীয়ে। ডিব্ৰুগড় আৰক্ষীয়ে নালিয়াপুলৰ পৰা ৫ টা জোৱাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। লক্ষণীয় যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকলৰ এগৰাকী ডিব্ৰুগড় বিজেপিৰ উপ-সভাপতি মিথুন দাস।

আৰক্ষীয়ে জুৱা খেলাৰ অপৰাধত ৰুজু কৰা ৭৩০/১৯ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪/আসাম গেম এণ্ড বেটিং এক্টৰ অধীনত মিথুন দাসৰ লগতে ত্ৰিদীপ দাস, বাপন ভৌমিক, সুদীপ সৰকাৰ, আৰু ৰমেন তালুকদাৰ নামৰ জোৱাৰী জনকো গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁলোকৰ লগতে জুৱাত ব্যৱহৃত ৫ টা ফোনো জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে বিজেপিৰ মিথুন দাসৰ নেতৃত্বতে নালিয়াপুলস্থিত ৰে'লৱে হাস্পতালৰ সমীপত চলাইছিল বৃহৎ জোৱাৰ আড্ডা। আইপিল খেল আৰম্ভ হোৱাৰে পৰা নালিয়াপুলত আৰম্ভ কৰিছিল জুৱা। চক্ৰটোৱে ফোনযোগেও আন আন ঠাইৰ জোৱাৰীৰ লগত সংযোগ স্থাপন কৰি জোৱাৰ মাত্ৰা বৃদ্ধি তথা সম্প্ৰসাৰণ কৰিছিল।