অসম

বিজেপি নেতাক প্ৰাণে মৰাৰ ভাবুকি…

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাংঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে মাজবাটৰ এজন বিজেপি নেতাক ছ'চিয়েল মিডিয়াযোগে প্ৰাণে মৰাৰ ভাবুি প্ৰদান কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, মাজবাট মণ্ডল বিজেপি যুৱ মৰ্চাৰ সভাপতি কিশোৰ শৰ্মাক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে চঞ্জয় খৰেল নামৰ এজন অচিনাকী যুৱকে। হোৱাটচআপ আৰু ফেচবুকৰ জৰিয়তে মাৰণাস্ত্ৰৰ সহায়ত ১৫ দিনৰ ভিতৰত হত্যাৰ ভাবুকি প্ৰদান কৰিছে চঞ্জয় খৰেল নামৰ যুৱকজনে।

নিজকে কোনো অখ্যাত সংঠনৰ সদস্য বুলি চিনাকি দি অচিনাক্ত যুৱকজনে বিজেপি নেতা কিশোৰ শৰ্মাক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ পিছতে ভিতীগ্ৰস্ত হৈ পৰিছে বিজেপি নেতা কিশোৰ শৰ্মা। তেওঁ ঘটনাটোৰ তদন্ত বিচাৰি ওৰাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।