অসম

সৰুপথাৰত ডেৰ শতাধিক লোকৰ বিজেপিত যোগদান…

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰ : ৰাজ্যত নিতৌ নতুন নতুন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিটো সমষ্টিত নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ কংগ্ৰেছৰ দখলত থকা সৰুপথাৰ সমষ্টিটো ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ দখললৈ অনাৰ কুচ কাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে বিধান সভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বহু নতুন নতুন সদস্যই ভাৰতীয় জনতা দলত যোগদান কৰে। মঙলবাৰে চুঙাজান গাওঁ পঞ্চায়তৰ অন্তৰ্গত পদুম পুখুৰী মিছামাৰি আৰু ধুনাগুৰি অঞ্চলৰ প্ৰায় ডেৰ শতাধিক যুৱক যুৱতী পুৰুষ মহিলাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। উক্ত যোগদান কাৰ্যসুচীত নৱনিযুক্ত ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জীৱন চুতীয়াৰ লগতে অসম চাহ নিগমৰ অধ্যক্ষ অমিয় বৰা, সৰুপথাৰ মণ্ডলৰ সভাপতি পৰমানন্দ লাহন, বৰপথাৰ মণ্ডলৰ সভাপতি চম্পক ৰায়, জেষ্ঠ বিজেপি কৰ্মী জগত বুঢ়াগোহাঁইকে প্ৰমুখ্য কৰি দলটোৰ বহু মহিলা নেত্ৰী আৰু যুৱনেতাও উপস্থিত থাকে।