অসম

পুনৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ চকু, বিশ্বনাথত নিশা দুটাকৈ ধৰ্মীয় অনুষ্ঠানৰ পৰা লুটিলে সোণ-ৰূপৰ ফুলিসহ বহু সামগ্ৰী,VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথত নিশা দুটাকৈ ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড। বিশ্বনাথৰ গড়েহাগী গাঁৱৰ বৰ নামঘৰত সিংহাসনৰ দুৱাৰৰ তলা ভাঙি চোৰে লৈ গ'ল সোণৰ ৫ পাত ফুলি, ৰূপৰ ডাঙৰ সৰু মিলাই ১২০ পাহ ফুলি, অচল ৩০ পাহ।

লগতে দানপাত্ৰৰ তলা ভাঙি লৈ যায় আনুমানিক নগদ পাচ হাজাৰমান টকা আৰু বৰতাল তিনিযোৰ।

আনফালে একে নিশাই বিশ্বনাথৰ পানী ভৰাল গাঁৱৰ ৰাধা কৃষ্ণ প্ৰনামী মন্দিৰত চোৰে চলালে উপদ্ৰৱ।

মন্দিৰটোত মূল দুৱাৰৰ তলা ভাঙি চুৰে লৈ গ'ল বহু লক্ষ্য টকাৰ আ-অলংকাৰৰ লগতে দান পাত্ৰ আৰু বহু মূল্যবান সা-সামগ্ৰী।

ইতিমধ্যে বিশ্বনাথ আৰক্ষীৰ দল ঘটনা স্থলীত উপস্হিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।