অসম

সাংবাদিক ভূচিত্ৰ দাধৰাক চিকিৎসা কল্যাণ পুঁজিৰ সাহায্যৰ চেক প্ৰদান

asomiyapratidin

ডিজিটেল সংবাদ, উত্তৰ অসমঃ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ অভিলাষী আঁচনি সাংবাদিকৰ চিকিৎসা কল্যাণ পুঁজিৰ অধীনত বিশ্বনাথ জিলাৰ সাংবাদিক ভূচিত্ৰ দাধৰাক সোমবাৰে ১ লাখ টকাৰ চিকিৎসা সাহায্য প্ৰদান কৰা হয়।

উপায়ুক্তৰ কাৰ্যালয় কক্ষত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ বিশ্বনাথৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই  সাংবাদিকগৰাকীৰ হাতত আনুষ্ঠানিকভাৱে এই সাহায্যৰ চেকখন প্ৰদান কৰে।

নিজৰ বক্তব্যত উপায়ুক্তগৰাকীয়ে সাংবাদিকৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে চমুকৈ উল্লেখ কৰাৰ লগতে এই আঁচনিসমূহৰ সুযোগ গ্ৰহণ কৰি নিজা নিজা কৰ্মক্ষেত্ৰত দুগুণ উৎসাহেৰে আত্মনিয়োগ কৰিবলৈ বিশ্বনাথ জিলাৰ সাংবাদিকসকললৈ আহ্বান জনায়।

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত পাৰিজাত ভূঞা, সহকাৰী আয়ুক্ত আবুল কালাম আৰু বিশ্বনাথ জিলাৰ দায়িত্বত থকা মহকুমা তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাৰ লগতে স্থানীয় বহুকেইগৰাকী সাংবাদিকো উপস্থিত থাকে।