বিশ্বনাথ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুজন...
বিশ্বনাথ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুজন... 
অসম

বিশ্বনাথ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুজন...

Asomiya Pratidin

ডিজিটেল সংবাদ বিশ্বনাথঃ বিশ্বনাথ জিলা আৰক্ষীৰ বিশেষ দলৰ অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছসহ আটক কৰে দুজন ড্ৰাগছ সৰবৰাহকাৰী আৰু জব্দ কৰে এখন পালচাৰ মটৰ চাইকেল। উল্লেখ্য যে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক শুভাশিষ বৰুৱাই গঠন কৰা আৰক্ষীৰ এটা বিশেষ দলে বিশ্বনাথ জিলাৰ অন্তৰ্গত বিভিন্ন স্থানত অবৈধ অনৈতিক কাৰ্যৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

তাৰ সমান্তৰালভাবে আজিও উক্ত দলটোৱে বিশ্বনাথ চতিয়াৰ সীমান্তৰ গেৰেকীত অভিযান চলাই দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। আটক কৰা দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে এঘাৰটাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু জব্দ কৰা হৈছে এখন AS12 AG1613 নম্বৰৰ পালচাৰ মটৰ চাইকেল।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন হৈছে চতিয়া পলশনি গাঁৱৰ ছাইফুল ইছলাম আৰু ছাইফুল হক বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনে বালিপাৰাৰ উঠৰমাইলৰ পৰা বিশ্বনাথত কোনো লোকক উক্ত ড্ৰাগছখিনি দিবলৈ আহি এইদৰে বিশ্বনাথ আৰু চতিয়াৰ সিমান্তবৰ্তি অঞ্চল গেৰেকীত অভিযানকাৰী দলৰ জালত পৰে।

ইফালে ঘটনাস্থলীত চতিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াও উপস্থিত হৈ দুই ড্ৰাগছ সৰবৰাহকাৰীক চতিয়া আৰক্ষীৰ জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰাখিছে।স্থানীয় লোকৰ মতে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনে বহু দিনৰ পৰাই চতিয়াৰ বিভিন্ন অঞ্চলৰ যুৱকক ড্ৰাগছ যোগান দি আহিছিল।কিন্তু অবশেষত আজিহে আৰক্ষীৰ বিশেষ দলটোৱেআটক কৰাত স্বস্তিৰ নিশ্বাস পাইছে স্থানীয় ৰাইজে আৰু অভিযানকাৰী আৰক্ষীৰ দলটিক ধন্যবাদ জ্ঞাপন কৰিছে।