অসম

গৰু সৰবৰাহৰ নতুন কৌশলঃ বিশ্বনাথ আৰক্ষীৰ জালত ২ খন চোৰোং গৰু ভৰ্তি কণ্টেইনাৰ…

asomiyapratidin

ডিজিটেল সংবাদ বিশ্বনাথঃ ৰাজ্যত গো-আইন বলৱৎ হোৱাৰ পাছতো,মূখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা থকাৰ পাছতো ৰাজ্যত সক্ৰিয় হৈ আছে গো-মাফিয়া ৷ নিতৌ অৱলম্বন কৰিছে ন ন কৌশল। আৰক্ষীৰ চকুত ধূলি দি ফুল বডী ট্ৰাকৰ পৰিৱৰ্তে কন্টেইনাৰত সৰবৰাহ কৰিছে চোৰাং গৰু৷

ৰাজ্যত চলি থকা গৰুৰ বৃহৎ ছিণ্ডিকেটৰাজ পোহৰলৈ আহিছে বিশ্বনাথত দুখন কণ্টেইনাৰ জব্দ কৰাৰ পিছতে। জব্দ কৰা কণ্টেইনাৰ দুখনতেই আছিল গৰু। পুৱতি নিশা আৰু পুৱা বিশ্বনাথ সদৰ আৰক্ষীৰ তালাচীত জব্দ কৰা হৈছে চোৰাং গৰুভৰ্তি কন্টেইনাৰ দুখন ৷

এক গোপন সূত্ৰৰ পমখেদি বিশ্বনাথ সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰায়ৰ নেতৃত্ব চলিছিল এই অভিযান ৷অভিযানত জব্দ হোৱা কণ্টেইনাৰ দুখনত আছিল ৫৯ টা বলধ গৰু। আৰক্ষীয়ে অৱগত কৰা অনুসৰি এই গৰু কেইটা লখিমপুৰৰ পৰা ৰূপহী হাটলৈ নি থকা হৈছিল।

হাৰিয়ানাৰ ৰেজিষ্ট্ৰেচন থকা এইছ আৰ ৩৮ আৰ ৭৮৫৫ আৰু এইছ আৰ ৩৮ কিউ ৯৮১২ নম্বৰৰ কন্টেইনাৰ দুখনৰ চালক ক্ৰমে নগাওঁ ৰূপহী হাটৰ আশ্ৰাফুল ইছলাম আৰু বিকাশ কুমাৰ ৷বিকাশ কুমাৰৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে ৷ এই চোৰাং গৰু ব্যৱসায়ৰ লগত বৃহৎ চক্ৰ জড়িত হৈ থকাৰো সন্দেহ কৰা হৈছে ৷

দীৰ্ঘদিন ধৰি সামগ্ৰী কঢ়িওৱাৰ আলতম কন্টেইনাৰৰ যোগেদি বহিঃৰাজ্যৰ লগতে বাংলাদেশলৈও গৰু সৰবৰাহ হোৱাৰ সন্দেহ প্ৰকাশ আৰক্ষী প্ৰশাসনৰ ৷ দীৰ্ঘদিন ধৰি উজনি অসমৰ উত্তৰ পাৰৰ মাজেদি দৈনিক চোৰাং গৰু আৰু অবৈধ্য সুৰা সৰবৰাহ হৈ থকাৰ কথাই ইংগিত দিয়ে ইয়াত চলি থকা বৃহৎ ছিণ্ডিকেটৰ বিষয়ে ৷

ইফালে ইয়াৰ পূৰ্বেও নিশা ভাগত বিশ্বনাথ আৰক্ষীয়ে জব্দ কৰিছিল বিলাতী সুৰা ভৰ্তি এখন ট্ৰাক ৷প্ৰায় ৮০০ কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰিছিল বিশ্বনাথ সদৰ আৰক্ষীয়ে ৷সুৰাখিনিৰ আনুমানিক মূল্য আছিল প্ৰায় ২৫ লক্ষ টকা ৷

এতিয়া প্ৰশ্ন হয়, ৰাজ্যত স্মাৰ্ট পুলিচ থকাৰ পাছতো আৰক্ষীৰ নাকৰ তলেৰে কেনেকৈ নিতৌ ৰাজ্যত চলি আছে গৰুৰ সৰবৰাহ কিম্বা ছিণ্ডিকেট? ক'ত গ'ল চৰকাৰৰ সেই গো-আইন? নে চৰকাৰৰ সোপা ঢিলা নীতিৰ বাবেই এনেদৰে চলি থাকিব চোৰাং গৰুৰ ৰমৰমীয়া বেহা? ইমানবোৰ এনকাউন্টৰৰ পাছতো ৰাজ্যত কিদৰে সক্ৰিয় হৈ আছে গো-মাফিয়া, ইও এটা বৰ্তমান লাখটকীয়া প্ৰশ্ন?