অসম

বিশ্বনাথত ৰাজনৈতিক দলৰে প্ৰশাসনৰ বৈঠক

asomiyapratidin

ডিজিটেল সংবাদ, বিশ্বনাথ চাৰিআলিঃ ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ লগে লগে প্ৰথম পৰ্যায়তে ভোটগ্ৰহণ হ'বলগীয়া বিশ্বনাথ জিলাত নিৰ্বাচনী আৰ্হি আচৰণবিধি বলৱৎ হৈছে। উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই বিশ্বনাথ সদৰ মহকুমাৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ জাননী জাৰি কৰাৰ পিছদিনাই ৬ নৱেম্বৰত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে এক বৈঠকত মিলিত হয়।

বৈঠকত উপায়ুক্তগৰাকীৰ লগতে অতিৰিক্ত উপায়ুক্তদ্বয় দিগন্ত বৈশ্য আৰু পাৰভেজ আমিন উপস্থিত থাকি ৰাজনৈতিক দলসমূহক আৰ্হি-আচৰণবিধি বলৱৎ হোৱাৰ বিষয়ে অৱগত কৰে আৰু এই আচৰণবিধি মানি চলিবলৈ সকলোকে আহ্বান জনায়। সকলো ৰাজনৈতিক দল, প্ৰাৰ্থী আৰু অন্যান্যসকলৰ ওপৰত আৰ্হি-আচৰণবিধি নিৰীক্ষণ কোষে ইতিমধ্যেই তীক্ষ্ণ নজৰ ৰাখিছে আৰু এই বিধি উলংঘা কৰাসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰশাসনে অৱগত কৰে।

উল্লেখযোগ্য যে অহা ৫ ডিচেম্বৰত বিশ্বনাথ সদৰ মহকুমাৰ অধীনৰ ৫ খন আঞ্চলিক পঞ্চায়ত, ৯ টা জিলা পৰিষদ সমষ্টি আৰু ৪২ খন গাঁও পঞ্চায়তৰ বাবে ভোটগ্ৰহণ কৰা হ'ব।