অসম

লকডাউনৰ ফলত ১০০ কিঃমিঃ খোজকাঢ়ি অসুস্থ হৈ পৰে এজন বৃদ্ধ, ভৰ্তি কৰা হয় নাৰ্ছিং হোমত… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ মহামাৰী কোৰোনাৰ বাবে সমগ্ৰ দেশতে এতিয়া ল'কডাউন বলবৎ কৰা হৈছে৷ ফলত বন্ধ হৈ পৰিছে যান-বাহন চলাচল৷ গাড়ী-মটৰ চলাচল নকৰাৰ বাবেই কলিয়াবৰৰ পৰা খোজকাঢ়ি আহি বিশ্বনাথ চাৰিআলি পালেহি লখিমপুৰ জিলাৰ লালুকৰ এজন ৮০ বছৰীয়া বৃদ্ধ৷

খগেন বৰুৱা নামৰ লালুকৰ এই বৃদ্ধগৰাকী গুৱাহাটীলৈ গৈছিল পুত্ৰৰ কাষলৈ৷ মঙলবাৰে ল'কডাউন ঘোষণাৰ পূৰ্বে বাছত উঠি আহিছিল ঘৰলৈ৷ কলিয়াবৰ তিনিআলিত নামিছিল উজনিমুখী বাছৰ পৰা৷ কলিয়াবৰ তিনিআলিত গাড়ী নাপাই খোজ কাঢ়ি প্ৰায় ১০০ কিলোমিটাৰ আহিছিল বৃদ্ধজন৷ বৃদ্ধিগৰাকীয়ে নিশা ৰে'ল ষ্টেচনতে কটাব লগীয়া হৈছিল৷

ইফালে পুত্ৰই দিয়া ১২০০ টকাও কোনো দুস্কৃতিকাৰীয়ে লুটি নিলে বৃদ্ধজনৰ পৰা। অবশেষত বৃহস্পতিবাৰে সচেতন লোকে প্ৰত্যক্ষ কৰি বিশ্বনাথ চাৰিআলিত উপস্থিত হোৱা বৃদ্ধজনক অসুস্থ অৱস্থাত ভৰ্তি কৰা হ'ল ব্যক্তিগত চিকিৎসালয় বৰা নাৰ্ছিং হোমত৷