অসম

লকডাউনত ঘৰৰ পৰা বিনা কাৰণত ওলাই গৈ এই দশা হ’ল যুৱকৰ, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ত বিশ্বনাথৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল জনশূণ্য পৰিৱেশ। সকলো লোকে কোৰোনা ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবে সহায়ক হোৱা লকডাউনক সমৰ্থন জনাইছে। বিশ্বনাথৰ ৰাজপথত পুৱাৰে পৰা যানবাহন চলাচলো দেখিবলৈ পোৱা নাযায়।

তাৰ মাজতে অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰী আৰু জৰুৰীকালীন কাৰণত অহা বাহন দুই-এখন দেখিবলৈ পোৱা গ'ল বিশ্বনাথৰ ৰাজপথত। ঘৰৰ পৰা বাহিৰলৈ অকাৰণত যোৱা লোকক শিক্ষা দিলে বিশ্বনাথ আৰক্ষীয়ে। বিশ্বনাথ আৰক্ষীৰ লাঠিৰ কোব পৰিলে একাংশ পথাচাৰীৰ পিঠিত।