অসম

বিশ্বনাথ চাৰিআলিৰ দুই ছাত্ৰীৰ মহানুভৱতা, ৬০ কিঃ মিটাৰ পথ অতিক্ৰম কৰি বিলালে খাদ্য সামগ্ৰী

asomiyapratidin

ডিজিটেল সংবাদ, বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ চাৰিআলি কোঁচ গাঁৱৰ দুই যুৱতীয়ে দাঙি ধৰিলে মহানুভৱতাৰ নিদৰ্শণ। গহপুৰৰ অতি ভিতৰুৱা বানপীড়িত অঞ্চল বালিজান চাপৰিত শুকুৰবাৰে দুপৰীয়া উপস্থিত হৈ উদেষ্ণা ভট্টাচাৰ্য আৰু পূবালী দেৱীয়ে অৰ্ধশতাধিক পৰিয়ালক বিলালে খাদ্য সামগ্ৰীৰ টোপোলা।

উদেষ্ণা গুৱাহাটী বিশ্ব বিদ্যালয়ৰ গনিত বিভাগৰ চৰ্তুথ ষাণ্মাসিকৰ ছাত্ৰী আৰু পূবালী বি এডৰ ছাত্ৰী। দুই গৰাকী যুৱতীয়ে ৬০ কি:মি: পথ অতিক্ৰম কৰি বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰত উপস্থিত হৈ সম্পূৰ্ন ব্যক্তিগত প্ৰচেষ্টাৰে খাদ্য সামগ্ৰী প্ৰদান কৰে।

উল্লেখ্য যে যুৱতী দুগৰাকীৰ এই প্ৰচেষ্টাত তেওঁলোকৰ লগৰ দুই এজন বন্ধুৱেও কিছু পৰিমানে আৰ্থিক সাহাৰ্য প্ৰদাণ কৰিছে। এখন টুলুঙা নাৱেৰে বহু দূৰ অতিক্ৰম কৰি দুগৰাকী যুৱতীয়ে দুৰ্গম অঞ্চলত বান সাহাৰ্য দিয়া এনে কাৰ্যক সকলোৱে একেমুখে প্ৰশংসা কৰিছে।

দুই গৰাকী যুৱতীক বান সাহাৰ্য বিতৰণত সহায় কৰে গহপুৰৰ জ্যেষ্ঠ সাংবাদিক ভূৱন শইকীয়া,অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতা বিপুল হীৰা, বিশ্ব দাস,হৰেন দাস আৰু উদেষ্ণাৰ পিতৃ দিলীপ কুমাৰ ভট্টাচাৰ্যই।