অসম

বিশ্বনাথৰ মধুপুৰ সাপ্তাহিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড

asomiyapratidin

ডিজিটেল সংবাদ,বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথৰ মধুপুৰস্থিত সাপ্তাহিক বজাৰত সোমবাৰে ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। নিমিষতে জ্বলি চাঁই হৈ গল প্ৰায় ১৫ টা দোকান ঘৰ। অগ্নি নিৰ্বাপক বাহিনীৰ দল আহি পিছত নিৰ্বাপন কৰে জুই।

এই বজাৰ ঘৰ কেইটাত বহু দিনৰ পৰাই মদ-ভাঙৰ আদ্দা চলি আছিল বুলি স্থানীয় ৰাইজে অভি্যোগ কৰিছে। কোনো লোকে সেই আদ্দাৰ সময়ত চিগাৰেটৰ টুকুৰা পেলাই দিয়াৰ ফলতে এই অগ্নিকাণ্ড হবলৈ পালে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।