অসম

বাহিৰলৈ অহাৰ পৰিণাম! লক্ষ্ণৌ-বিশ্বনাথত আৰক্ষীৰ একেই শাস্তি, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশজুৰি লকডাউনৰ সময়ত আৰক্ষীয়ে কৰা ব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপিত হৈছে। আৰক্ষীয়ে সামাজিক দুৰত্ব বজাই ৰখাৰ স্বাৰ্থত লকডাউনৰ সময়চোৱাত মানুহক ঘৰৰ ভিতৰত থাকিবলৈ দিয়া নিৰ্দেশ অমান্য কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এক দৃশ্যই ব্যৱস্থা গ্ৰহণৰ নামত আৰক্ষীয়ে কৰা বৰ্বৰ আটৰণক লৈ চৰ্চা হৈছে।

আৰক্ষীয়ে কেবাজনো শ্ৰমিকক ঘৰলৈ উভতাৰ সময়ত ভেকুলিৰ দৰে জপিয়াই জপিয়াই যাবলৈ দিয়া ভিডিঅ'ই এতিয়া তোলপাৰ লগাইছে। উত্তৰ প্ৰদেশৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই এনে ভি়ডিঅ' দেখি প্ৰতিক্ৰিয়া কৰিছে যে, একাংশ পুলিচৰ এনে আচৰণৰ বাবে আমি লজ্জিত।

দিল্লীতো আৰক্ষীয়ে কৰা ব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পিছত পাচলি ব্যৱসায়ীক মাৰপিট কৰা আৰু পাচলি দলিয়াই দিয়া এজন কণিষ্টবলক নিলম্বিত কৰিছে। অসম আৰক্ষীয়েও লকডাউন অমান্য কৰা লোকক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাত ৰাজ্যবাসীয়ে সন্তুষ্টি ব্যক্ত কৰিলেও একাংশ আৰক্ষীৰ লোকৰ কামক সহজে ল'ব পৰা নাই। আঠুকাঢ়ি থকা অৱস্থাত জপিয়াবলৈ দিয়া বিশ্বনাথৰ এই দৃশ্য এতিয়া ছ'চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে।