অসম

কংগ্ৰেছৰ পৰা ৬ বছৰৰ বাবে নিলম্বিত নুৰজামাল সৰকাৰ!

asomiyapratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ জিলাত শনিবাৰে কংগ্ৰেছে আয়োজন কৰে এক সংবাদমেলৰ। সংবাদমেলযোগে বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই কয়- 'ৰিপুন বৰাৰ পদত্যাগৰ কথা হাস্যকৰ। ৰিপুন বৰা নহয়, প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰক ৬ বছৰৰ বাবে নিলম্বন কৰা সিদ্ধান্ত লওঁক।'

প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নিজাববীয়াকৈ নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাই দলৰ বিৰুদ্ধাচৰণ কৰাৰ উপৰিও সভাপতি গৰাকীয়ে সংবাদমেল যোগে প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি দলৰ পৰা নিলম্বন কৰাৰ বাবে হাইকামাণ্ডক পত্ৰ প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে।

আনহাতে সভাপতি দিলীপ বৰুৱাই বিশ্বনাথ জিলাৰ ভোট গণনাত বিসংগতিৰ অভিযোগ তুলে। বিশ্বনাথ জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰঞ্জন ভূঞা ৪২ ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থীৰ সৈতে জয় লাভ কৰাৰ পিছতো জিলা প্ৰশাসনে ষড়যন্ত্ৰ কৰি বিজেপি প্ৰাৰ্থী গৰাকীক জয় লাভ কৰোৱাৰ অভিযোগ উত্থাপন কৰে।

বিশ্বনাথ জিলা কংগ্ৰেছে ভোট গননাৰ পাছত এই বিষয়ে জিলা প্ৰশাসনক অভিযোগ কৰা স্বত্তেও জিলা প্ৰশাসনে বেলট পেপাৰ সমূহ পুনৰ নিৰীক্ষণৰ নামত পক্ষপাতিত্ব মূলক ভূমিকা গ্ৰহন কৰাৰ অভিযোগো উত্থাপন কৰে। শুকুৰবাৰে বিশ্বনাথ জিলা কংগ্ৰেছে বিশ্বনাথ উপায়ুক্ত কাৰ্যলয়ত পুনৰ ভোট গণনা কৰাৰ দাবী জনাই যদিও জিলা প্ৰশাসনে নাই কোনো ব্যৱস্থা নোলাৱো বুলি মন্তব্য প্ৰকাশ কৰে। যাৰ বাবে শনিবাৰে বিশ্বনাথ জিলা কংগ্ৰেছে সংবাদমেল যোগে এই বিষয়ে আইনৰ সহায় লোৱাৰ কথা সদৰি কৰে সভাপতি দিলীপ বৰুৱাই।