অসম

ভাইৰেল টেলিফোনিক বাৰ্তালাপঃ কোভিড ৱাৰ্ডত সন্তান প্ৰসৱৰ পাছত ২০ মিনিটলৈ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিল থাকিল নৱজাতক…

asomiyapratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ এগৰাকী কোভিড পজিটিভ প্ৰসূতীয়ে সন্তান প্ৰসৱ কৰাৰ পাছতে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডৰ বহু কথা পোহৰলৈ আহিছে৷ কোভিড ৱাৰ্ডটোত থকা এগৰাকী কোভিড ৰোগীৰ ভাইৰেল হৈ পৰা এটি টেলিফোনিক বাৰ্তালাপে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত৷

ভাইৰেল হৈ পৰা টেলিফোনিক বাৰ্তালাপটোৰ অভিযোগ মতে, বিশ্বনাথ চাৰিআলি চিভিল হাস্পতালৰ কোভিড ৱাৰ্ডত চিকিৎসাধীন হৈ থকা বিশ্বনাথ জিলাৰ দিকৰাইৰ খৃষ্টানবস্তীৰ কোভিড পজিটিভ প্ৰিয়া গোৱালা নামৰ ২১ বছৰীয়া মহিলা গৰাকীয়ে মঙলবাৰে পুৱা জন্ম দিয়ে এটি কন্যা সন্তান৷ কিন্তু সন্তান প্ৰসৱৰ সময়ত নাছিল চিকিৎসক আৰু নাৰ্ছ ৷

আনকি প্ৰসৱ হোৱাৰ ২০ মিনিট পাছলৈকে তেজৰে লুটুৰি পুটুৰি হৈ মাকৰ লগতে পৰি আছিল নৱজাতকটি৷ ২০ মিনিটৰ পাছত উপস্থিত হোৱা নাৰ্ছে কাষতে থকা কোভিড ৰোগীৰ বিচনাত শুৱাই দিছিল নৱজাতকটিক আৰু প্ৰায় ডেৰ ঘন্টা পিছতহে কোভিড ৱাৰ্ডটোত উপস্থিত হয় চিকিৎসক ৷

নৱজাতকটিৰ শ্বাস সংগ্ৰহ কৰি পৰীক্ষা কৰিব লাগিছিল যদিও বৰ্তমানলৈকে লোৱা নাই তেনে কোনো ব্যৱস্থা ৷ উল্লেখ্য যে, সোমবাৰে কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকেশ্বৰ বৰাৰ জীয়ৰী নৱ মল্লিকা বৰাৰ এই টেলিফোনিক বাৰ্তালাপে এতিয়া তোলপাৰ লগাইছে স্বাস্থ্য বিভাগত ৷ আনকি একেটা কোভিড ৱাৰ্ডতে থকা লোকেশ্বৰ বৰাৰ পত্নী আৰু জীয়ৰীৰ অভিযোগ তেজপুৰ মেডিকেল কলেজ আৰু গুৱাহাটী মেডিকেল কলেজত আইচিইউ খালী নথকাৰ বাবেই পিতৃৰ মৃত্যু হ'ল ৷

বিশ্বনাথ চাৰিআলিৰ কোভিড ৱাৰ্ডত লোকেশ্বৰ বৰাক চিকিৎসা প্ৰদান কৰোতেও গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছে। অক্সিজেন ছিলিণ্ডাৰ ফিট কৰিবলৈও কোভিড ৱাৰ্ডলৈ নাহে চিকিৎসাকৰ্মী ৷ জীয়ৰী নৱমল্লিকাই টানি টানি নি পিতৃক দিব লগা হৈছিল অক্সিজেন ৷ তদুপৰি, চেনিটাইজাৰ, ঔষধ আদি যোগান ধৰা নাছিল পৰ্যাপ্ত পৰিমানে ৷

ইফালে, সময়মতে ঔষধ খাবলৈও নাৰ্ছক খাটনি কৰিব লগা হয় কোভিডত আক্ৰান্ত সকলে। জীয়াই থাকিবলৈ বহু ইচ্ছা থকাৰ পাছতো একমাত্ৰ স্বাস্হ্য বিভাগৰ চৰম গাফিলতিৰ বাবে লোকেশ্বৰ বৰাই মৃত্যুক সাৱটি লোৱাৰ পিছত ভাগি পৰা জীয়ৰী নবল্লিকাই এতিয়া ইয়াৰ এক উচিত তদন্ত বিচাৰিছে আৰু এই কথা এক সংবাদমেল যোগে জানিবলৈ দিছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱাই।

উল্লেখ্যযোগ্য যে, সঞ্জু বৰুৱাক নৱমল্লিকা বৰাই এই সমস্ত ঘটনা মোবাইলযোগে অৱগত কৰিছিল। ইফালে কংগ্ৰেছ নেতা সঞ্জু বৰুৱাই ৰাজ্যিক স্বাস্হ্য মন্ত্ৰী পীয়ুষ হাজৰিকালৈ এই বিষয়ে জনাবলৈ ফোন কৰিছিল যদিও ফোন নধৰিলে বুলি জানিবলৈ দিছে সঞ্জু বৰুৱাই।