অসম

কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !

asomiyapratidin

ডিজিটেল সংবাদ বিশ্বনাথঃ বিশ্বনাথৰ ছোৱাগুৰিৰ বহাৰ আলি নামৰ এজন যুৱকে দ্বিতীয় পালি কোভিড ভেকচিন গ্ৰহণ কৰি অসুস্থ হোৱাৰ অভিযোগে এতিয়া বিশ্বনাথত তীব্ৰ জোকাৰণি তুলিছে।আভিযোগ মতে যোৱা ১৮ অক্টোবৰ তাৰিখে ছোৱাগুৰিৰ বাহাৰ আলি নামৰ ৩০ বছৰীয়া যুৱকজনে দ্বিতীয় পালি কোভিড ভেকচিন লোৱাৰ পাছতেই এখন ভৰি অচল হৈ পৰে ৷লগে লগে যোগাযোগ কৰা হ'ল বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ৷

কিন্তু কোনো এজন চিকিৎসকে ফোন নধৰাৰ অভিযোগ ভুক্তভোগীৰ পৰিয়ালৰ ৷পৰৱৰ্তী দিনাও পুনৰ বাহাৰ আলি নামৰ যুৱকজনৰ আনখন ভৰি বিকল হৈ পৰাৰ লগে লগে ডিঙিৰ তলৰ সকলো অংশ বিকল হৈ পৰে ৷ফলত শুক্ৰবাৰে যুৱক জনক ভৰ্তি কৰোৱা হয় বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ৷আৰু বৰ্তমান লোকজনে জীৱন মৃত্যুৰে যুঁজি আছে ৷

পৰিয়ালৰ অভিযোগ কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবেই এই ঘটনা সংঘটিত হৈছে ৷কিয়নো ভেকচিন লোৱাৰ পূৰ্বে সম্পূৰ্ণ সুস্থ আছিল ভুক্তভোগী বাহাৰ আলি ৷আনহাতে চিকিৎসকৰ মতে এয়া ভেকচিন লোৱাৰ বাবে নহয় অন্য কাৰণতো হ'ব পাৰে। ৰোগীৰ যাবতীয় পৰীক্ষা কৰাৰ পিছতহে প্ৰকৃত কাৰণ পোহৰলৈ আহিব।