অসম

বিশ্বনাথত জাতীয়তাবাদী শিবিৰত মূখ্যম আঘাত! ১০৫ গৰাকী ছাত্ৰ নেতাৰ বিজেপিত যোগদান…

asomiyapratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিজেপিৰ বিশ্বনাথ নগৰ মণ্ডল আৰু বিশ্বনাথ গ্ৰাম্য মণ্ডলৰ উদ্যোগত বিশ্বনাথ নগৰৰ ধৰ্মশালাত অনুষ্ঠিত কৰা হয় এক যোগদান কাৰ্যসূচী। এই যোগদান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাস,বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,বিহালী বিধান সভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত,বিজেপি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা পৰেশ বৰকাকতিকে ধৰি আন বহুতো বিজেপিৰ বিষয় ববীয়া সকল।

বিশ্বনাথ নগৰ মণ্ডলৰ সভাপতি কোষেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত বিশ্বনাথ জিলাৰ কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ নেতাই আনুষ্ঠানিক ভাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি সদৰ আঞ্চলিকৰ প্ৰাক্তন সভাপতি ঈষান প্ৰতিম শইকীয়া,বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰবীণ মটক,ৰাজ্যিক নিবনুৱা সন্থাৰ প্ৰাক্তন উপ সভাপতি ধীৰেণ ডেকা,সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা ভাস্কৰ দাসে লগত প্ৰায় এশ পাঁচ গৰাকী বিভিন্ন ছাত্ৰ সংগঠনৰ নেতা কৰ্মীলৈ আজি আনুষ্ঠানিক ভাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।

আনহাতে, দেওবাৰে বিজেপিত আনুষ্ঠানিকভাবে যোগদান কৰা প্ৰাক্তন ছাত্ৰ কেইগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে।ইফালে, দেওবাৰে যোগদান কৰা প্ৰাক্তন ছাত্ৰ নেতা কেইগৰাকীৰ বিজিপিত যোগদান কৰাত সমাগত পৌৰসভাৰ নিৰ্বাচনত বিজেপিৰ শক্তি বিশ্বনাথ নগৰত দুগুণে বৃদ্ধি হ'ব বুলি নগৰ মণ্ডলৰ সভাপতি কোসেশ্বৰ বৰাই নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে।

সভাত ভাষণ দি প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তই কয় যে- আজি যোগদান কৰা সকলৰ বহুতেই জাতীয় সংগঠনৰ পৰা অহা বুলি উল্লেখ কৰে। তেওঁ কয় যে সেই সময়ত তেওঁ লোকে 'কা' আন্দোলনত যোগদান কৰিছিল ।কিন্তু আজি তেওঁলোকে নিজৰ ভুল উপলব্ধ কৰি বিজেপি লৈ আহিছে। তেওঁলোকে আন দললৈ নগৈ বিজেপি লৈ অহাটো শুভ লক্ষণ বুলি মন্ত্যব কৰে মন্ত্ৰীগৰাকীয়ে।সভাত তেজপুৰ লোক সভা সমষ্টিৰ সংসদ পল্লব লোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ভাষণ দিয়ে।