অসম

কাইলৈ বিশ্বকৰ্মা পূজাঃ বিশ্ব খনিকৰৰ মূৰ্তি সজা মৃণ্ময় শিল্পীৰ খবৰ ৰাখিছে কোনে?

asomiyapratidin

ডিজিটেল সংবাদ, গোৱালপাৰাঃ সোমবাৰে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা৷ সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাৰ কৃষ্ণাইত ব্যাপক প্ৰস্তুতি বিশ্বকৰ্মা পূজাৰ৷ এয়া কৃষ্ণাইত খনিকৰ সকলে নিৰ্মাণ কৰি উলিওৱা বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তি ৷ ইতিমধ্যে খনিকৰ সকলে মৃন্ময় মূৰ্তি সাজি উলিয়াই বজাৰত আনিছে বিক্ৰীৰ বাবে৷

মূৰ্তি বিক্ৰীৰ পূৰ্বে মৃণ্ময় শিল্পীসকলৰ প্ৰতিটো পৰিয়ালে আৰোগ্য দেৱতাক পূজা অৰ্চনা কৰিব আৰু আৰ্শীবাদ গ্ৰহণ কৰিব৷ কৃষ্ণাইৰ পৰা জিলাখনৰ বিভিন্ন ঠাইৰ লগতে মেঘালয়লৈ বিক্ৰী হয় বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তি৷ ডাঙৰ আকৃতিৰ মৃন্ময় মূৰ্তিবোৰ ১০০০-১২০০ টকা আৰু সৰুবোৰ ৮০০-১০০০টকা লৈ বিক্ৰী কৰিব খনিকৰ সকলে৷

উল্লেখ্য যে, মৃন্ময় মূৰ্তি প্ৰস্তুত কৰা খনিকৰ সকলে বজাৰৰ বস্তুৰ অত্যাধিক মূল্যবৃদ্ধিৰ তুলনাত যথেষ্ট কম মূল্যত বিক্ৰী কৰিবলগা হৈছে ৷ যাৰ বাবে কেৱল পৰিয়ালটো পোহপালৰ বাবেহে পৰম্পৰাগত শিল্প-কলা জীয়াই ৰাখি আহিছে৷ যদি চৰকাৰে মৃৎশিল্পী সকলক গুৰুত্ব প্ৰদান নকৰে তেন্তে মৃৎশিল্প কলা হেৰাই যোৱাৰ পথত৷ গতিকে চৰকাৰক মৃৎশিল্পীটোক জীয়াই ৰাখিবলৈ সাহাৰ্য প্ৰদান কৰাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মৃৎশিল্পী সকলে ৷