অসম

বিশ্বজিৎ দৈমাৰীক বিটিচিৰ চীফ বনোৱাৰ হিমন্তৰ পৰিকল্পনা সফল নহব : দনেশ্বৰ গয়াৰী

asomiyapratidin

ডিজিটেল সংবাদ,কোকৰাঝাৰ : হিমন্ত বিশ্ব শৰ্মাই প্ৰমোদ বড়োক চীফ বনোৱাৰ পৰিকল্পনা কৰিছিল, কিন্ত অংক নিমিলাৰ বাবে এতিয়া বিশ্বজিৎ দৈমাৰীক চীফ বনোৱাৰ পৰিকল্পনা কৰিছে । সেই পৰিকল্পনাও ফলৱতি নহব । এই মন্তব্য বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী দনেশ্বৰ গয়াৰীৰ ।

বুধবাৰে কোকৰাঝাৰ সদৰ চহৰত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী দনেশ্বৰ গয়াৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মা আচল বিজেপি নহয় বুলিও মন্তব্য কৰে । কংগ্ৰেছ দল ধ্বংস কৰা হিমন্ত বিশ্ব শৰ্মা বিজেপি দলকো ধ্বংস কৰিব বুলি মন্তব্য কৰি দলবাগৰা ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাৰ মিছা বক্তব্য এতিয়া আৰু অসমৰ ৰাইজে বিশ্বাস নকৰে আৰু হিমন্ত বিশ্ব শৰ্মাক শিয়াল আখ্যা দিয়ে ।

ইউপিপিএল দলকো কঠোৰ ভাষাৰে সমালোচনা কৰি প্ৰমোদ বড়ো বিটিচি এলেকাৰ ভিতৰত " এক নম্বৰ " মিছা কথা কোৱা ব্যাক্তি বুলি মন্তব্যৰে অহা ১২ ডিচেম্বৰত সকলো কথা পৰিষ্কাৰ হব আৰু বিপিএফে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী দনেশ্বৰ গয়াৰীয়ে ।

উল্লেখ্য যে বিটিচি নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে বিভিন্ন ৰাজনৈতিক দলসমুহৰ মাজত নিৰ্বাচনী কুচকাৱাজ তুংগত উঠিছে আৰু ৰাজনৈতিক দলসমুহে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা , প্ৰচাৰ সভা ইত্যাদি অনুষ্ঠিত কৰিছে ।