অসম

নৱ শৰণীয়া নিজেই জেলৰ ভাত খোৱা মানুহ, তেওঁ আনক কি বুজনি দিবঃ বিশ্বজিত দৈমাৰী

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ "এবছু-এনডিএফবিয়ে যিমান আন্দোলন কৰি থাকিলেও ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তিলমানো বাধা দিব নোৱাৰে৷ আমি এইবেলি লোকসভা নিৰ্বাচনত ১০ ৰপৰা ১২ খন আসন পাম৷" এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ৷ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি-এজিপি আৰু বিপিএফ মিত্ৰজোঁটৰ এইবাৰৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ বাক্সাৰ শালবাৰীৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে কয়- "এবছুৱে ৰাইজক মাটিৰ পাট্টা দিম বুলি চিঞৰি থাকে৷ এবছু-এনডিএফবি চৰকাৰৰ মানুহ নহয় যে মাটিৰ পাট্টা দিব পাৰিব৷ মাটিৰ পাট্টা আমি দিম৷ ফৰেষ্ট এৰিয়াত থকা সকলো লোককে আমি মাটিৰ পাট্টা দিম৷"

সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া আৰু ইউজি ব্ৰহ্মক তীব্ৰ ভাষাৰে সমালোচনা কৰা সভাখনত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে ভাগ লৈ কয়- "নৱ কুমাৰ শৰণীয়াই বহুত লৰাক স্বাধীন অসমৰ সপোন দেখুৱাই লৈ গৈ ছহিদ কৰাইছিল, জেলৰ ভাত খুৱাইছিল৷ নৱ শৰণীয়াই নিজেই জেলত থখা মানুহ, তেওঁ আনক কি বুজনি দিব৷"

একেদৰে এবছু সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্মক সমালোচনা কৰি তেওঁ কয় যে, উৰ্খাই এবছুক বৰ্তমান নিজৰ পুতলা হিচাপে ব্যৱহাৰ কৰি আহিছে৷ উৰ্খাওৰ ট্ৰেক্টৰৰ তেল নাই গতিকে উৰ্খাই আৰু খুন্দা মাৰিব নোৱাৰে৷ শনিবাৰৰ সভাখনত বিপিএফৰ শালবাৰী জিলা সমিতিৰ সভাপতি মিলন বড়ো, প্ৰাক্তন এমচিএলএ ৰণজিৎ খেৰকটাৰী, নাৰায়ণী বসুমতাৰী, বীৰ সিং, মনোমোহন দাস আদিয়ে অংশগ্ৰহণ কৰে৷

উল্লেখ্য যে, প্ৰতিকুল বতৰৰ বাবে হাগ্ৰামা মহিলাৰীৰ হেলিকপ্তাৰ শনিবাৰে বহু সময় ধৰি শালবাৰীত আবদ্ধ হৈ থাকিবলগীয়া হয়৷ নিৰ্বাচনী সভাৰ পেণ্ডেলৰো বতাহ-বৰষুণৰ ফলত যথেষ্ট ক্ষতিসাধন হয়৷