অসম

বিশ্বনাথৰ বিউটি পাৰ্লাৰত যুৱতীক অশ্লীল প্ৰস্তাৱ, লম্পট মুকেশ ঠাকুৰক আছু কাৰ্যালয়ত আঁঠু কঢ়াই শাস্তি…

asomiyapratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ য'ত নাৰীক দেৱী দুৰ্গা হিচাপে পূজা কৰা হয়৷ দুষ্ট মহিষাসুৰৰ হত্যা কৰা হয়৷ আজি সেই দুৰ্গা দেৱীৰ পূজাৰ দিনাই বিশ্বনাথৰ এগৰাকী যুৱতীৰ শ্লীলতা হানি কৰাৰ ঘটনা পোহৰলৈ আহিছে এজন বহিৰাগত বনিয়াই৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিউটি পাৰ্লাৰত স্পা-কৰিবলৈ যোৱা যুৱতীক অশ্লীল প্ৰস্তাৱ দি অহা বিশ্বনাথ চাৰিআলিস্থিত লৰীয়েল বিউটি পাৰ্লাৰখনৰ এজন  কৰ্মচাৰীয়ে৷

যুৱতী গৰাকীক স্পাৰ নামত মুকেশ ঠাকুৰ নামৰ কৰ্মচাৰীজনে দেহাৰ গোপন অংগত স্পৰ্শ কৰাৰ অভিযোগ উত্থাপিত হৈছে। মুকেশ ঠাকুৰক বিশ্বনাথ আছুৰ কাৰ্যালয়ত আঁঠু কঢ়াই শাস্তি প্ৰদান কৰে আছু নেতাই৷ উল্লেখ্য যে, চলিত মাহৰ ৮ তাৰিখে বিশ্বনাথৰ লৰীয়েল বিউটি পাৰ্লাৰৰ লম্পট গৰাকীয়ে সংঘটিত কৰিছিল এই ঘটনা। কিন্তু লাজ আৰু ভয়ত যুৱতী গৰাকীয়ে কথাটো কাকো নকয় যদিও শেষত নিজৰ বন্ধু এজনৰ আগত ব্যক্ত কৰে উক্ত ঘটনাৰ বিষয়ে ৷

তাৰপাছত যুৱতী গৰাকী লাজে-অপমানে কাষ চাপে বিশ্বনাথ আছুৰ৷ লগে লগে বিশ্বনাথ আছুৰ দলে লম্পট মুকেশ ঠাকুৰক বিশ্বনাথৰ আছু কাৰ্যালয়ত লৈ আনি এইদৰে আঁঠু কঢ়াই লপা-থপা দি বিশ্বনাথ সদৰ আৰক্ষীক চমজাই দিয়াৰ লগতে বহু দিনৰ পৰাই লৰীয়েল বিউটি পাৰ্লাৰত এনে কু-কাণ্ডৰ থকাৰ বাবে বিশ্বনাথ আছু দলটোয়ে তলা ওলমাই দিয়ে লৰীয়েল বিউটী পাৰ্লাৰখনত। এজন বহিৰাগত বনিয়াই কৰা কু-কাণ্ডৰ ঘটনাই বিশ্বনাথত তীব্ৰ পতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷