অসম

বিশ্বকৰ্মা মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ বিশ্বকৰ্মা পূজা উপলক্ষে মহানগৰীত থকা একমাত্ৰ বিশ্বনাথ মন্দিৰতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। সমগ্ৰ অঞ্চলটো  বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ আৰাধনাৰে মুখৰিত হৈ পৰিছে। পুৱাৰে পৰা মন্দিৰ দৰ্শনৰ বাবে অগণন লোকে ভিৰ কৰিছে বিশ্বকৰ্মা মন্দিৰত।

বিৰদি বাট নোপোৱা পৰিৱেশ সৃষ্টি হৈছে মন্দিৰৰ প্ৰাংগনত। ইফালে, আজি কামাখ্যা মন্দিৰত আন দিনাতকৈ ভক্তিৰ ভিৰ কম হোৱা পৰিলক্ষিত হয়। অৱশ্যে বিশ্বকৰ্মা পূজা উপলক্ষ্যে পূজাৰ নৈবেদ্য মহানগৰীৰ আন স্থানত উভৈনদী হৈ পৰিছে যদিও, কামাখ্য মন্দিৰ প্ৰাংগনত আজি ফুল-মালা, তুলসী আদি পূজা সামগ্ৰী সমূহৰ মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হয়।

আনহাতে, ভূতনাথৰ পৰা আৰম্ভ কৰি কামাখ্যাৰ দিশত এক ব্যতিক্ৰম দৃশ্য দেখিবলৈ পোৱা গৈছে। ঢাক-ঢোল বজাই পথৰ কাষতেই একাংশ লোকে যান-বাহন লৈ যোৱা লোকসকলৰ গাড়ীত ফুট দি চলন্ত পূজা কৰি থকা দৃশ্যও দেখিবলৈ পোৱা গৈছে। যান-জঁটৰ বাবে খুব কম সময়ৰ ভিতৰতে এইদৰে ইখনৰ পিছত সিখন বাহন এইলোক সকলে পূজা কৰাৰ লগতে সমগ্ৰ পথছোৱাত ব্যস্ততা বাঢ়িছে।