অসম

চাকৰিৰ কেলংকাৰী ! আছুই জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি…

asomiyapratidin

ডিজিটেল সংবাদ,বিশ্বনাথ : বিশ্বনাথত আছুৰ প্ৰতিবাদ।নিয়োগ সংক্ৰান্তীয় কেলেংকাৰী ৰোধ কৰাত অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত আৰু এছ আই পৰীক্ষাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যৰ প্ৰতিখন মহকুমা ছাত্ৰ সন্থাই এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহন কৰে।

আছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাইয়ো বিশ্বনাথ নগৰৰ মাজমজিয়া আছুৰ ছহিদ ভৱনৰ সন্মূখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে। প্ৰতিবাদকাৰী দলটোয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোবালৰ প্ৰতিকৃতি দাহ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লগান প্ৰদৰ্শন কৰি এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।