অসম

নৃত্যশিল্পী দম্পতীক সম্বৰ্ধনা: চৰকাৰলৈ শিল্পী পেন্সনৰ দাবী…

asomiyapratidin

নৃত্যশিল্পী দম্পতীক সম্বৰ্ধনা: চৰকাৰলৈ শিল্পী পেন্সনৰ দাবী…

জিটেল সংবাদ চেঙাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দেওবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালস্থিত ভাস্কৰ সমূহিক কেন্দ্ৰত বিৰিণা গোষ্ঠী, অসমে বিষ্ণুৰাভা দিৱস উপলক্ষ্যে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সোঁৱৰণ কৰে।  ভাস্কৰ সামূহিক কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে । বিৰিণা গোষ্ঠীৰ সম্পাদক তফিকুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানটোত বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে দৌলাশাল উন্নতি সাধিনী সভাৰ কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ মোহন ৰয়ে। অনুষ্ঠানটোত নলবাৰী জিলাৰ দৌলাশালৰ বিশিষ্ট নৃত্যশিল্পী দম্পতী সৰ্বেশ্বৰ চৌধুৰী আৰু গুণময়ী চৌধুৰীক বিৰিণা গোষ্ঠী অসমৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

বন্তি প্ৰজ্বলন কৰি বিৰিণা গোষ্ঠীৰ সভাপতি লীলাধৰ পাঠকে আজিৰ ভোগবাদী যুগত বিষ্ণুৰাভাৰ বিষয়ে বিজ্ঞানসন্মত ব্যাখ্যা আৰু বিস্তৃত অধ্যয়নৰ অতি প্ৰয়োজন বুলি কোৱাৰ লগতে যুগান্তৰৰ শিল্পীগৰাকীৰ চিন্তাৰ পৰিধি আৰু কল্পনাৰ বিস্তৃতিৰ ওপৰত গুৰুত্ব দি ৰাভাদেউৰ মূল্যায়ন কৰা উচিত বুলি দোহাৰে ।  ভাষণ প্ৰসংগত তেওঁ প্ৰবীন নৃত্যশিল্পী সৰ্বেশ্বৰ চৌধুৰী আৰু গুণময়ী চৌধুৰীক আজিলৈকে শিল্পী পেন্সন প্ৰদান নকৰাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে ।

ভ্ৰাম্যমাণ থিয়েটাৰত নৃত্যৰ অপূৰ্ব ভংগীমাৰে দৰ্শকক মোহাচ্ছন্ন কৰি ৰখা একালৰ সুদক্ষ নৃত্য পৰিচালক সৰ্বেশ্বৰ চৌধুৰী আৰু সেই সময়ৰ বলিষ্ঠ অভিনেত্ৰী গুণময়ী চৌধুৰীয়ে জীৱনৰ ভাটি বয়সতো মানুহৰ ঘৰে ঘৰে গৈ নৃত্যশিল্পৰ প্ৰসাৰ আৰু প্ৰচাৰত অৰিহণা যোগাই আহিছে। সংস্কৃতিৰ সাধক চৌধুৰী দম্পতীক এইবেলি শিল্পী পেন্সন প্ৰদান কৰাৰ বাবে উক্ত অনুষ্ঠানৰ জৰিয়তে বিৰিণা গোষ্ঠী অসমে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।

কোভিড প্ৰট'কল মানি অনুষ্ঠিত হোৱা অনুষ্ঠানটোত অৱসৰী প্ৰধান শিক্ষক ভবেন কুমাৰ কলিতা, দৌলাশাল উন্নতি সাধিনী সভাৰ কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ মোহন ৰয়, ভাস্কৰ সামূহিক কেন্দ্ৰৰ সভাপতি মৃত্যুঞ্জয় পাঠকে বক্তব্য প্ৰদান কৰাৰ লগতে নাট্যকৰ্মী বাবুল বনিক্যই ৰাভাদেৱৰ কবিতা আবৃত্তি কৰে । শিশু শিল্পী শ্যামলিমা বনিক্যৰ নৃত্যই অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে । অনুষ্ঠানত উপস্থিত থকি সাংবাদিক জয়ন্ত ডেকা , ভাস্কৰ সামূহিক কেন্দ্ৰৰ সম্পাদক নিকুঞ্জ নাথ , দৌলাশাল শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য অৱনী নাথ , উত্তৰ ৰৌমাৰী পাথাৰ আঞ্চলিক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জেহেৰুল ইছলামকে আদি কৰি কেইবাজনো বিশিষ্ট লোকে কলাগুৰুক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ।