অসম

দৌলাশালত বিৰিণা গোষ্ঠী, অসমৰ প্ৰতিমহীয়া সাহিত্য আলাপ ” বিৰিণা বৈভৱ” অনুষ্ঠান সম্পন্ন, সুগন্ধি পখিলাৰ কবিক স্মৰণ বিৰিণা গোষ্ঠীৰ

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ উদ্যোগত শনিবাৰে নলবাৰী জিলাৰ দৌলাশালত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ অষ্টম বাৰ্ষিক মৃত্যু দিৱসত কবিগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। বিৰিণা গোষ্ঠীৰ সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হয় হীৰেন ভট্টাচাৰ্যৰ স্মৃতিচাৰণ সভা আৰু গোষ্ঠীটোৰ প্ৰতিমহীয়া সাহিত্য আলাপ "বিৰিণা বৈভৱ" অনুষ্ঠান। বিয়লি অনুষ্ঠিত অনুষ্ঠানটোত হীৰেন ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ জীৱন-কৃতি সম্পৰ্কত এক চমু আলোকপাত কৰে।

ভাষণ প্ৰসংগত তেওঁ কয় যে, কবিসকলে কমকৈ কথা কয় আৰু বেছিকৈ ভাৱে। এই ভৱা কথাবোৰকে শাব্দিক ব্যঞ্জনাৰে কবিতাত সাকাৰ ৰূপ দিয়ে।আন এগৰাকী অতিথি বৰপেটাৰ বিশিষ্ট শিক্ষক তথা বিৰিণা গোষ্ঠীৰ উপদেষ্টা ৰোহিনী কুমাৰ দাসে হীৰেন ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি কয় যে, সসীমৰ জ্ঞানেৰে অসীমক জয় কৰাটো বৰ কঠিন।সীমাবদ্ধ জ্ঞানৰ মাজত থাকেলও আমি শিকিবলৈ আগ্ৰহী হ'ব লাগিব।সাধাৰণ জীৱন শৈলীৰ এক জীৱন্ত উদাহৰণ আমাৰ প্ৰিয় কবি হীৰুদা। তেওঁৰ সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ হৃদয়ংগম হোৱাকৈ আমি আগুৱাই নিব লাগিব।

দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত মনোজ্ঞ অনুষ্ঠানটোত বিৰিণা গোষ্ঠীৰ সদস্যসকলে অসমৰ বৰেণ্য কবিগৰাকীক গভীৰ শ্ৰদ্ধা জনাই কবিগৰাকীক সোঁৱৰণ কৰে । গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা সাহিত্য আলাপ অনুষ্ঠানটোত ৰমণী নাথ , সুৰজিৎ পাঠক , মইদুল ইছলাম (মণি) , জিয়াউৰ ৰহমান , জেহেৰুল ইছলাম , খঞ্জনজ্যোতি পাঠক , চাহজাহান আলী আহমেদ , দেৱজিৎ নাথ , কুলদীপ পাঠক আদি কেইবাগৰাকী নবীন-প্ৰবীন কবিয়ে কবিতা পাঠ আৰু মনৰ অনুভৱ ব্যক্ত কৰাৰ উপৰি কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ প্ৰবক্তা অঞ্জন বৰ্মনে হীৰেন ভট্টাচাৰ্যৰ কবিতাকে ধৰি অসমীয়া কাব্য সাহিত্যৰ আধুনিক ধাৰাটোক গতিশীল কৰাত বৰঙণি যোগোৱা কেইবাগৰাকী বৰেণ্য কবিৰ কবিতা আৰু কাব্যধাৰা সম্পৰ্কত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই অনুষ্ঠানটো জীপাল কৰি তোলে।

বিৰিণা গোষ্ঠীৰ সভাপতি লীলাধৰ পাঠকে সভাপতিৰ ভাষণত প্ৰেম আৰু মানৱতাৰ কবি হীৰেন ভট্টাচাৰ্যক তেওঁৰ সৃষ্টিৰ জৰিয়তে আমি জীয়াই ৰাখিব লাগিব বুলি উল্লেখ কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বিগত মাৰ্চ মাহৰ পৰা গোষ্ঠীটোৱে প্ৰতিমহীয়া সাহিত্য আলাপ "বিৰিণা বৈভৱ" অনুষ্ঠিত কৰিব পৰা নাই বুলি কোৱাৰ লগতে এই জটিল সন্ধিক্ষণতো বিভিন্ন মাধ্যমত অসমীয়া সাহিত্য সৃষ্টি হৈ থকাটো শুভ লক্ষণ বুলি উল্লেখ কৰে । দৌলাশাল শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য অৱনী কুমাৰ নাথে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে।

উল্লেখ্য যে, নলবাৰী আৰু বৰপেটা জিলাৰ সীমিত সংখ্যক সদস্যৰ উপস্থিতিত চৰকাৰী নীতি -নিয়মেৰে মাস্ক পৰিধান কৰি , সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানটোত বিৰিণা গোষ্ঠী , অসমৰ উপ সভাপতি পংকজ বেজবৰুৱা নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাত বেজবৰুৱালৈ শুভেচ্ছা জ্ঞাপন কৰি এটি প্ৰস্তাৱ গৃহীত কৰে বুলি গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে জানিবলৈ দিয়ে।